জ্ঞানেই, যেতিয়া তোমাৰ লাভ নহল, তেতিয়া, শৰীৰ আৰু আত্মা, দুয়োটা গোটকৈ পূৰ্ণ মনুষ্যৰ জ্ঞান, কি স্বৰূপে আয়ত্ত কৰিবা? এনে অৱস্থাতো যদি কৈউঠা “মই, মোক ভালকৈ চিনিছোঁ।”। তেনেহলে এনে কোৱা নিশ্চয়কৈ, তোমাৰ বলিয়ালি বাজে একো নহয়। আকৌ, যি জনে নিজক নৌচিনিয়েই, ঈশ্বৰক চিনোঁ বুলি গপায়, সি আৰু চাৰ বলিয়া। নিছলা মগনিয়াৰ এটাই যদি, এনে বুলি ফষ্টি মাৰে, যে, “মই নিতৌ, এ হেজাৰ আকুলু- ৱাক ভোজ দিওঁ,’’ তাৰ এই কথা কোনোবাই পতিয়াব নে? তেনে ভোজ-দিওঁতাৰ লগত কথিত ভাণ্ডক তত্ত্ব- জ্ঞানীৰ উপমা হব পাৰে।
এতেখিনি পৰ যি বৰ্ণোৱা হল, তাৰ পৰা আত্মাৰ মহত্ত্ব অনুৰূপীয়া কৈ বুজা গল। এতিয়া, এই আষাৰি বুজিবলৈ বাকী ৰৈছে। মহাদানী খোদাতায়ালাই, তোমাক, এনে এটি, অনুপম, অত্যুৎকৃষ্ট মহাৰ্ঘ ৰত্ন দান কৰি, তোমাৰ সামান্য চকুৰ আঁৰত লুকুৱাই গৈছে। যদি, তুমি সেই আপুৰুগীয়া, গাৰ ওচৰীয়া, বিতোপন দ্ৰব্যটি, পাৰ্য্যমানে পুৰুষাৰ্থ কৰি বিচাৰি নোপোৱা, তেনেহলে, অন্তিম কালত মহা অথন্তৰত আৰু দইনত পাৰিবা। এতেকে, কওঁ, সংসাৰৰ মোহ-মায়াৰ ধাউতিত জলাঞ্জলি দি, ওখ গৌৰবৰ সিংহাসনত বহিবৰ কাৰবাৰ কৰাঁ। • সি পুৰীৰ, অনন্ত সৌভাগ্য, অসীম সন্মান লাভৰ গুটি সিচাঁ৷