শাৰীৰ-স্থান বিদ্যাৰ গৌৰব, অকল চিকিৎসা বিদ্যাত
আৱশ্যক বুলি নহয়। যেনেকৈ কবিতাৰ মধুৰতা, ৰচনাৰ
চতুৰালি অথবা শিল্পৰ বিচিত্ৰতা, ধ্যানকৈ চালে, কবিৰ
কবিতা-শক্তি ৰচকৰ নিপুণালি, শিল্পীৰ শিল্প পাৰ্গতালিৰ
চিনাকি পোৱা যায়। তেনেদৰে, নৰ-দেহৰ, নানা তৰহৰ
গঢ়ণ-ক্ৰিয়া, আৰু অদ্ভুত ২ নিৰ্মাণ কৌশলৰ ওপৰত মন
সংযোগ কৰিলে, স্ৰজন-কৰ্ত্তাৰ সম্পূৰ্ণ ক্ষমতা, অনন্ত-
জ্ঞানৰ পৰিচয় লাভ হয়। এই কাৰণে, শাৰীৰ-স্থান
বিদ্যাকো, আত্ম-দৰ্শনৰ এটা বাট বুলিব পাৰি। কিন্তু,
আধ্যাত্মিক বিদ্যাৰে ৰিজালে শাৰীৰ-স্থান বিদ্যা নিচেই
সামান্য। শাৰীৰ স্থান বিদ্য়াৰ পৰা শৰীৰৰ অৱস্থা জনা
যায়; আৰু আধ্যাত্মিক বিদ্যাই আত্মাৰ অসাধাৰণ গুণ-
জ্ঞানৰ, জ্ঞান দিয়ে। আকৌ চোৱাঁ, আত্মা শ্ৰেষ্ঠ, শৰীৰ
নিকৃষ্ট; আত্মা চিৰকলীয়া, শৰীৰ খন্তেকীয়া; আত্মা,
আৰোহী, শৰীৰ, তাৰ বাহন; আৰোহীৰ হন্তেহে বাহনৰ
স্ৰজন, বাহনৰ হন্তে আৰোহীৰ নহয়। আৰোহী সমন্ধে
জ্ঞান, বাহন সম্বন্ধে জ্ঞানতকৈ নিশ্চয় শ্ৰেষ্ঠ, তাৰ ভুল
নাই।
ইতিপূৰ্ব্বে কোৱা হৈছে, জগতৰ আটাই বস্তুতকৈ, তোমাৰ শৰীৰ, তোমাৰ গোটই ওচৰ; আৰু ই, সৰু, সীমাবন্ধা। ওচৰীয়া সৰু আৰু সীমাবন্ধা বস্তুৰ জ্ঞান, অপ্ৰয়াসে লাভ হয়, সন্দেহ নাই। তেনে সৰু বস্তুৰ