যি বস্তু নহলে, মানুহে মূহুৰ্ত্তকো জীয়াই নাথাকে, সেই
গোটেই বিলাক, মানুহক দান কৰিছে; যেনে, দেল,
মগজু, হাঁও-ফাঁও। আকৌ, চোৱাঁ মানুহৰ সুখ-শান্তিৰ
হন্তে, যি ২ প্ৰয়োজন সেই সমস্তও যথেষ্ট পৰিমাণে
দিছো যেনে, হাত, ভৰি, জিভা, চকু, কাণ আৰু আন ২
বস্তু। তাৰ বাজে, দয়াৰ আধাৰ খোদাতায়ালাই, কিছু
মান সামগ্ৰী, কেৱল, শোভা, সৌন্দৰ্য্য বৃদ্ধিৰ নিমিত্তে
দান কৰিছে; যেনে চুলিৰ কলীয়া আৰু ওঠ দুটিৰ ৰঙ্গচীয়া
বৰণ, চেলাউৰি যোৰৰ ধেনু ভাঁজ আৰু চকুৰ নোমৰ
সমতা। সেই বিলাকেৰে শোভিতহৈ মতা মাইকী দেখনি-
য়াৰ হব, তেনে মনেৰে কৰুণাময় খনিকৰে আপোন
খনিকৰাৰ আৰু কৰুণাৰ চিনাকি এই দৰে দিছে।
অকল মানুহ জাতিৰ প্ৰতি হে, খোদাতায়ালাৰ, তেনে কৃপা, অনুগ্ৰহ, এনে নহয়। জগতৰ সমস্ত পদাৰ্থ, আটাই জীৱ-জন্তুৰ ওপৰত তেখেতৰ কৃপা বাৰি ধাৰাসাৰে বৰষি আছে। চোৱাঁ, মহ, গাখি, ভোমোৰা, পৰুৱা, পীপৰাকে আদি কৰি, সামান্য ২ প্ৰাণীৰ জীৱন প্ৰবৰ্ত্তন আৰু শোভা, সুশিতাৰ কাৰণে, যি ২ দৰকাৰ, সমুদয়কে দি, দয়ালু পুৰুষে তেওৰ দয়াৰ নিদৰ্শন দেখুবাইছে।
সি যিকি নহওক, মানুহৰ বাহ্যাকৃতি অৰ্থাৎ শৰীৰ গঢ়ণ ক্ৰিয়াত, স্ৰজন কৰ্ত্তাৰ, যি ক্ষমতা আৰু জ্ঞান লাগিছে, তাক স্ৰজা শৰীৰ দেখি জনা যায়; এই হেতুকে,