স্থান বিদ্যা শিকিলে, যেনে, চিকিৎসা শাস্ত্ৰত পাৰ্গতালি জন্মে, তেনেদৰে, স্ৰজন-কৰ্ত্তাৰ নানা তৰহৰ খনিকৰি- চতুৰালি, অনন্ত-জ্ঞান, অসীম ক্ষমতা জনা যায়। যি জনে সেই বিদ্যা পৰিপাটিকৈ শিক্ষা কৰে, সিজনে, খোদা- তায়ালাৰ অনন্ত গুণ-জ্ঞানৰ ভিতৰত, তলত দিয়া তিন্ টি জ্ঞান লাভ কৰিব পাৰে। প্ৰথম নানা কৌশল-পূৰ্ণ, এই মনুষ্য-দেহৰ নিৰ্ম্মাণ-কৰ্ত্তা খোদাতায়ালা সৰ্ব্বশক্তি- মন্ত সম্পূৰ্ণ ক্ষমতাৱন্ত; তেঁওৰ ক্ষমতাৰ আগত একো অসম্ভব আৰু অসাধ্য নহয়; যি কৰিব মন কৰে, তাকে কৰিব পাৰে। এক বিন্দু বীৰ্য্যৰ পৰা, এই আশ্চৰ্য্য কৌশলময় নৰ-দেহ স্ৰজন কৰিছে। যি জনে, জীৱ নোহোৱা পাণী এটোপাৰ পৰা, জীৱন্ত, জ্ঞানবন্ত মনুষ্যৰ উৎপত্তি কৰিছে, মৃত্যুৰ পাচত মৰাক আকৌ জীবিত কৰা, তেঁওৰ পক্ষে একো টান বা অসম্ভৱ নহয়। দ্বিতীয়, সেই জনা স্ৰজন কৰোঁতা, অনন্ত জ্ঞানৰ ভঁৰাল; তেঁওৰ পূৰ্ণ-জ্ঞান, বিশ্ব-জগত খান জুৰি আছে। তেঁওৰ পূৰ্ণ ক্ষমতাৰে সৈতে অনন্ত জ্ঞান, অসীম কৌশল, লগ-লাগি, এই আচৰিত বিশ্ব-ব্ৰহ্মাণ্ডৰ স্ৰজন হৈছে। যিপিনে চকু ফুৰুৱা, তেঁওৰ অদ্ভুত পাৰ্গতালি, অনন্ত জ্ঞান, কতো ব্যৰ্থ হবলৈ দেখা নোপোৱাঁ। তৃতীয়, মানুহ জাতিৰ ওপৰত খোদাতায়ালাৰ দয়া, কৃপা আৰু দানৰ অন্ত নাই।
যি বিলাক বস্তু নৰ-জীৱনৰ একান্ত লাগতিয়াল অৰ্থাৎ
৭