পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
পৰমাৰ্থ-দৰ্পণ।

শলাগ জনোৱা নাই। এই সংসাৰত কোনো জনে, যদি আপোন ভৃত্যক এদিনলৈ মাথোন তোমাৰ লাঙ্গনি-পাঙ্গনি কৰিবলৈ পঠিয়াই দিয়ে, তেন্তে, তুমি হব পাৰে, তোমাৰ গোটেই জীৱন, তেঁওৰ গুণ গাবা, কেতিয়াও নেপাহৰিবা, আৰু অন্তৰৰ অন্তৰ স্থলৰ পৰা নথৈ শলাগ লবা। কিন্তু, কি দুখৰ কথা, কি অবিবেচনাৰ কৰ্ম্ম, দয়াৰ সাগৰ বিশ্ব গৰাকীয়ে তোমাৰ দেহ ৰক্ষালৈ আৰু সেৱা সৎকাৰলৈ শয়ে ২, হেজাৰে ২ আজ্ঞাধীন দাস-দাসী ৰাখি দিছে, আৰু সিহঁতে, গোটেই জীবন, তোমাৰ সেৱা-শুশ্ৰূষাত মগ্ন আছে, এখন্তেকো এলাহ, আওহেলাকৈ কাম খতি কৰা নাই আৰু নকৰেও; তুমি, আমি, কিন্তু গমি চালে, এনে জনা দয়ালু প্ৰভুৰ দয়া পাহৰি পেলাইছোঁ, আৰু পাহৰি কি অজ্ঞানী আৰু অশলাগীৰ কাম কৰিছোঁ৷ পোহণীয়া পশু, পখীয়েও গিৰিহঁতক চিনে আৰু তাৰ ঠাঁৰ চিয়াঁৰ বুজি চলে; কিন্তু হাঁয়, আমি মানুহৰ পেটত জন্ ম ধৰি, পশুতকৈও অধম হলোঁ!!

 যি বিদ্যা শিকিলে, দেহৰ, তত্ত্ব জ্ঞান লাভ হয়, তাক আৰবী ভাষাত য়েল্ মে-তশ্বৰিহ্, ইংৰাজীত এনাটমী আৰু বঙ্গলাত শাৰীৰ-স্থান বিদ্যা বোলে। এই বিদ্যা অতি মহৎ আৰু গৌৰবান্বিত। গৌৰবান্বিত হলেও, ইয়াক শিকিবলৈ কাৰো ধাউতি নাই। অকল চিকিৎসা-শাস্ত্ৰত লাগতিয়াল বুলিহে, অধ্যয়ন আৰু অধ্যাপনা হয় শাৰীৰ-