যায়; গোৰ্দ্দা নামে যন্ত্ৰই সেই পানী টুপি হ্যোঁপি পেলায়।
গোৰ্দ্দাত, ৰোগ থাকিলে, তাক হোঁপিব নোৱাৰে; সুতৰাং
পণীয়া অংশ, শৰীৰত চলাচল কৰি জলন্ধৰ বা শোথ
ৰোগৰ জন্ম দিয়ে। এনে স্বৰূপে, মনুষ্যৰ-দেহৰ ভিতৰ-
বাজৰ একো ২ টি অবয়ব, সৰ্ব্বজ্ঞানী বিধতা পুৰুষে,
ভিন ২ কাৰ্য্যৰ হৈ স্ৰজন কৰিছে; তাৰে এটিৰ অভাবে
দেহ ৰাজ্য় এনেকুৱা বিশৃঙ্খল বা লাব্বাং-তাৰ্ব্বাং হয় যে,
তাক একো স্বৰূপে শুধৰাব নোৱাৰি।
মানুহৰ দেহটি যদিও জোখত তিনি হাত এবেগেত মাথোন, তত্ৰাচ ই, বিশ্ব-ব্ৰহ্মাণ্ডৰ গোটেই বোৰ বস্তুৰ ভঁৰাল। ইয়াৰ ভিতৰত প্ৰাণী, অপ্ৰাণী আটাই বস্তুৰ আৰ্হি বৰ্ত্তমান। শৰীৰৰ হাড়, পৃথিবীৰ পৰ্ব্বতৰ নিচিনা; নোম বোৰ গছ-গছনি হেন; খাম বৰষুণ; মগজু আকাশ; আৰু ইন্দ্ৰিয় বোৰ জ্যোতিষ্ক সদৃশ। এনেদৰে বিচাৰি গলে, মনুষ্য শৰীৰত, বাঘ-বিৰলী, কুকুৰ-শূকৰ, দেব- দানৱ, পৰী-অপেস্বৰী আদি সকলো জীৱ-জন্তুৰ, আদৰ্শ বা নমুনা পোৱা যায়। তাত, ব্যবসায়ী জনৰো আৰ্হি আছে। যেনে, যি শক্তিয়ে, পাকস্থলীৰ ভুক্ত বস্তু জীণ নিয়ায়, সি ৰান্ধণী বা চাং মাই; যি শক্তিয়ে পাকস্থলীৰ পগোৱা ভুক্ত বস্তুৰ পৰা, ৰস উলিয়ায়, সি, তেলীয়া; যি শক্তিয়ে পগোৱা ৰস, নানা উপায়ে শোধন কৰি, ৰঙ্গা তেজৰ বৰণ ধৰায়, সি ৰঙ্গ ৰেজ, (কাপোৰ