পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
পৰমাৰ্থ-দৰ্পণ।

এনে বোৰ ভিতৰুৱা সজুলিৰ জ্ঞান পোৱা অতি টান, আশঙ্কা নাই।

 মানুহে নানা বৰণৰ,নানা তৰহৰ বস্তু খায়; সেই খোৱা বস্তু বোৰ, পাকস্থলী বুলি এটা খোটালিত পগোৱাগৈ, এবিধ বগা ৰহ হেন হয়; সেই ৰহ, তেজৰ ভঁয়াল আগ- মঙ্গহত সোমাবৰ আগে নানা উপায়ে শোধিতহৈ, ৰঙ্গা বৰণ ধৰে; সেয়ে ৰক্ত বা তেজ। সেই তেজ, সৰু ২ মিহি শিৰৰ ভিতৰেদি, গোটেইটো শৰীৰত চলাচল কৰি, দেহ বৃদ্ধি আৰু ৰক্ষা কৰে। আকৌ হৃদ্-পিণ্ড অৰ্থাৎ আগমঙ্গহত সোমাবৰ সময়ত, সেই ৰক্তৰ গেদৰ নিচিনা এবিধ বস্তু প্লীহা বা জ্বৰ খাপৰিয়ে টানিনি ৰক্ত পৰিষ্কাৰ বা নিকা কৰে। প্লীহাত কোনো ৰোগ থাকিলে, সেই গেদ, সি টানিব নোৱাৰে; গতিকে, গেদটো তেজৰে সৈতে মিহলিহৈ তেনেই শৰীৰত ব্যাপি পৰে আৰু মূৰৰ মগজুত উঠি উন্মাদ ৰোগ জন্মায়। প্লীহাই, তেজৰ পৰা গেদ টানি নিলে, তাৰ ওপৰত, হালধীয়া বৰণৰ এবিধ ফেণ ভাহি থাকে, সেই ফেণ কলিজাই চোহিনি, তেজ নিকা বা নিৰ্ম্মল কৰে। কলিজাত ৰোগ থাকিলে, ফেণ চোহি তেজ নিৰ্ম্মল কৰিব নোৱাৰে; সুতৰাং সেই ফেণ তেজৰ লগত গোটেই শৰীৰত ব্যাপি কুহুম-সাৰ ৰোগৰ উৎপত্তি কৰে। কলিজাই, ফেণ চাকি, তেজ নিকাকৈ দিলে, তাৰ মাজত এবিধ পাণীয় বস্তু বাকীৰৈ