পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
পৰমাৰ্থ-দৰ্পণ।

ৰাখে, তেঁও ইমাম গজ্জালী চাহাবৰ কৃত অজায়েবল্ কুলুব নামে গ্ৰন্থ খন পঢ়োক। কিন্তু তাক পঢ়িলেই যে সম্পূৰ্ণ জ্ঞান লাভ হব, এনে নে ভাবিবা৷

 আত্মা গোটেইটো মানুহৰ এক অংশ; আৰু শৰীৰ আন এক অংশ। ওপৰত উনুকিওঁৱা পুথি খনত, অকল আত্মাৰহে ডাঙ্গৰ ২ গুণ বোৰ লেখা আছে। শৰীৰৰ, বাহিৰা অবয়ব আৰু ভিতৰুৱা-যন্ত্ৰ বিলাক অসীম কাৰিকৰীৰে পূৰ্ণ। শৰীৰত হেজাৰে ২ শিৰ, ধমনী স্নায়ু আৰু বিধে ২ হাড় আছে; সেই বোৰৰ আকৃতি, গঢ়, গুণ আৰু আবশ্যকতা গাই ২ বেলেগ। হাত, ভৰি, জিভা আদি অবয়ব সমন্ধে কিছু ২ জানা সন্দেহ নাই। কিন্তু চকু জুৰি, দহ-তৰপীয়া কিয়, তাৰ বুজ নিশ্চয় নো- পোৱা; দয়াময় স্ৰজন-কৰ্ত্তাই, চকু দুটি, বেলেগ ২ দহ তৰপেৰে সাজি, কি আচৰিত নিৰ্ম্মাণ কৌশল দেখুৱাইছে। সেই দহ তৰপৰ এটিৰ অভাৱত, দৃষ্টি শক্তিৰ ব্যাঘাত ঘটে। দহ তৰপৰ একো ২ তৰপ বিধাতা পুৰুষে কি অভিপ্ৰায়ে দিছে, আৰু তাৰ এটিৰ অবিহনে দৃষ্টি শক্তিৰেই বা হানি হয় কিয়লৈ, এই বোৰ প্ৰশ্নৰ উত্তৰ দিয়া বৰ টান। সেই বিষয়ে, বহুত পণ্ডিতে, বহুত ডাঙ্গৰ ২ গ্ৰন্থ লেখিছে। চোৱাঁ, চকু, এটি বাহিৰা অঙ্গ, যেতিয়া এই বাহিৰা, অঙ্গটিৰে, অৱস্থা, আৰু উপযোগীতা বুজি উঠা টান, তেনে স্থলত, আমঠু, আগ-মঙ্গুহ, খাপৰি, হাঁও-ফাঁও,