পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
পৰমাৰ্থ-দৰ্পণ।

গতি, আকাৰ-প্ৰকাৰ নিৰূপণ কৰিব পাৰিছে, তেও তাতো কৈ বঢ়া আনন্দ অনুভব কৰে, সন্দেহ নাই। সেই নিচিনা সম্পূৰ্ণকৈ আয়ত্ত হোৱা বিষয়টো যিমান উৎকৃষ্ট আৰু মহৎ সেই সমন্ধে জ্ঞানো, সিমান আনন্দ-দায়ক। বিশ্ব-ব্ৰহ্মাণ্ডৰ স্ৰজন কৰা খোদা-তায়ালা, সৱাৎকৈ শ্ৰেষ্ঠ আৰু মহৎ; আটাই বস্তু, সকলে ক্ৰিয়া-কাণ্ড, তেখেতৰ স্ৰজা; ব্ৰহ্মাণ্ডৰ, নানা বৰণীয়া, ৰূপহ ২ গোটেই বস্তু আৰু সকলো অদ্ভূত, আচৰিত কৰ্ম্ম, তেখেতৰ স্ৰজন- চাতুৰালিৰ চিন; তেখেতেই অকল অখিল বিশ্ব-ৰাজ্যৰ মহাৰাজাধিৰাজ , এতেকে অইন কোনো বস্তু বা বিষয়ৰ স্বৰূপ-দৰ্শন বা তত্ত্বজ্ঞান তেখেতৰ তত্ত্বজ্ঞানৰ সমান পবিত্ৰ, হৰ্ষজনক মহৎ তৃপ্তিকৰ হব নোৱাৰে। কোনো ৰঙ্গচঙ্গীয়া বস্তুৰ দৃষ্টি, তেখেতৰ অনুপম ৰূপ দৰ্শন মান চকুৰ সন্তোষকৰ নহয়। স্ৰজন কৰ্ত্তাৰ তত্ত্ব-জ্ঞানৰ পৰা লভা আনন্দ অতুলনীয়। এই দেখি, খোদাতায়ালাৰ সৌন্দৰ্য্য-দৰ্শন তত্ত্ব-জ্ঞান লাভৰ হন্তে মনুষ্যাত্মা ইমান ব্যাকুলিত। যিহেতু তাকে লাভ কৰিবলৈহে আত্মাৰ স্ৰজন৷

 ওপৰত বৰ্ণোৱা বিষয়টি, তৰ্ক-শাস্ত্ৰৰ যুক্তি দি, দেখু- ৱালে, আৰু ফট্-ফটীয়া হয়।

 যেনে; যিহৰ নিমিত্তে আত্মাৰ স্ৰজন, তাতে প্ৰকৃতিৰ

ধাউতি;