আছে; আৰু সিহঁতে পাঁচ ইন্দ্ৰিয়ৰ সাহায্যে, জড়-পদাৰ্থৰ
অৱস্থা জানিব পাৰে। কিন্তু সত্য-তত্ত্ব অনুসন্ধান আৰু
স্বৰূপ দৰ্শন, আত্মাৰ সুকীয়া কাৰ্য্য। কিয়নো, এইটো,
মনুষ্যাত্মাৰ স্বভাৱ-সিদ্ধ ধৰ্ম্ম। সেই কাৰণেই মানুহে,
কোনো, অনাভুৱা ন-বস্তু, বা ন-ঘটনা দেখিলে, ধ্যান মন
লগায় চায়, নানা প্ৰশ্ন, সুধি-পুছি, ভালকৈ আঁতি-গুৰিলৈ,
তাৰ সত্য নিৰূপণ কৰিলৈ যৎ পৰোনাস্তি আয়াস, উদ্বোগ
কৰে। তাত সফল হলে, তাৰ আনন্দৰ পৰিসীমা নাই-
কিয়া হয়, আৰু সেই বাবে, নিজক পৰম গৌৰবান্বিত
জ্ঞান কৰি যশস্যা লবলৈ ও নেৰে। বঢ়িয়া, ওখ খাপৰ
কাম নেলাগে চোন, সামন্যে, হীন কাম এটাৰ জ্ঞান লাভ
কৰিব পাৰিলেও, মানুহে অতি আমোদ- আহ্লাদ পায়
আৰু পুৰুষালি বুজে। চোৱা, দবা-খেল এটা, ধেমালিত
বাজে একো নহয়; এই সামান্য ক্ৰীড়াত যি পৈণত
সিতাত গৌৰব লবলৈ আৰু ফিতাহি মাৰিবলৈ সঙ্কুচিত
নহয়।
প্ৰিয় পাঠক! এতিয়া ভালমতে বুজিছা আত্মাৰ তৃপ্তি জ্ঞানৰ মাজত নিহিত। আকৌ শুনাঁ, যি কাম, যিমান গধুৰ অৰ্থাৎ ডাঙ্গৰ বিধৰ, তাৰ জ্ঞান-লাভৰ গৌৰব, পুৰুষালি, আৰু সেই কাৰণে মনৰ উলাহ-আনন্দ, সিমান সৰহ। দবা-খেলত আপীট জনতকৈ, যি জনে গণিত আৰু জ্যোতিষ বিদ্যাত পাৰ্গতালি লভি, গ্ৰহ, নক্ষত্ৰাদিৰ, গঢ়-