পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
পৰমাৰ্থ দৰ্পণ।

 পাঠক! এই আষাৰি কথাও মনত সাঁচি থোৱাঁ। যিজনে প্ৰকৃত ছুফীৰ কোনো গুণ অনুষ্টু পীয়াকৈ পাইছে, তেঁও প্ৰকৃত য়ালেমতকৈ শ্ৰেষ্ঠ নহয়; আকৌ চোৱাঁ এই শ্ৰেণীৰ ভালেখিনি ছুফীৰ ভাগত এনে কুৱাও ঘটে, যে, প্ৰথমতে তেঁও বিলাকৰ গাত প্ৰকৃত ওলীৰ কিঞ্চিৎ লক্ষণ দেখাদি অলপ কালৰ পাচত, আকৌ মাৰ যায়। সেই দৰে, ছুফীও দেখা যায়, যি, ছুফীৰ বাটে চলি থাকি ২ মতি ভ্ৰষ্ট হৈ একেবাৰে উদ্বাউল হৈ পৰে। এনে বিধ ছুফীৰ একো মূল্য নাই।

 সমাজিকত দেখা কোনো ঘটনা, যেনেকৈ মিছা হয়, ছুফী লোকৰ অৱস্থাতো তেনে ঘটে; তাক বাছি, বিচাৰি লব, নেজানিলে ডাঙ্গুৰ ঠগত পৰা যায়। যি সকল ছুফী দৰাচলে পৈণত, যি বিলাকৰ জ্ঞান, ধৰ্ম্ম-নীতি আৰু সমাজ নীতিৰ অনুৰূপ, আৰু যি বিলাক, ছেলেম-লাৰ্দুন্ন অৰ্থাৎ খোদাতায়ালাৰ ফালৰ পৰা বিশুদ্ধ জ্ঞানৰ গৰাকী হৈছে, তেও লোকহে মাথোন, শাস্ত্ৰজ্ঞানী য়ালেমতকৈ শ্ৰেষ্ঠ। এনে ছুফী নিচেই পাতল।

 প্ৰিয় পাঠক! প্ৰকৃত ছুফীৰ জ্ঞানৰ ওপৰত অবিশ্বাস নকৰিৱাঁ। তেঁও লোক বাস্তবিকে মহৎ; সেই মহত্ত্বত মান্তি হবাঁ। আজি কালি দিনৰ ভাণ্ডক ছুফীক দেখি, প্ৰকৃত ছুফীক অনাদৰ, অশ্ৰদ্ধা নকৰিবাঁ। যি বোৰে শাস্ত্ৰ- জ্ঞান আৰু বিদ্যাৱন্ত আলেমৰ কুৎসা গাই ফুৰে,