ভাঙ্গিছে। কিন্তু যি সকল য়ালেমে প্ৰকৃত বিদ্যা শিকি,
নানা শাস্ত্ৰ পঢ়ি “মোত পৰ কোন আছে” এই অহংকাৰ
ফেৰি এৰি পেলাইছে, তেৱে হে সত্য য়ালেম, এনেয়ালেম
সমন্ধে শাস্ত্ৰ বিদ্যাই একো ব্যাঘাত নকৰে।
এতিয়া বুজিব পাৰিছা, যদি কোনো পূৰ্ণ-জ্ঞানী, তত্ত্ব-দৰ্শী মহাত্মাই, বহিৰ্জ্ঞান প্ৰকৃত জ্ঞানৰ বাধক বুলি কয়, তেওঁৰ কথা ষাৰি দলিয়াই পেলোৱা অযুগুত। কিন্তু, এই কালত, এতৰপ মানুহ ওলাইছে যি, অবৈধ বস্তুক বৈধ বোলে, তত্ত্ব-জ্ঞানৰ পোহৰ, ছঁয়া-ময়া কৈও দেখা নাই, অথচ, নিজে পৰম সাধু বুলি শবদ তোলে। ছুফী লোকৰ ৰচিত কেত বোৰ কূট প্ৰশ্ন আও ৰাইলৈ, দুৰ্জয় পণ্ডিত ফলায়; বিদ্যা আৰু বিদ্যৱন্ত য়ালেম সকলৰ, দুৰ্ণাম, কুৎসা ৰটনা কৰে। ইহঁত, মানুহ ৰূপী শ্যায়তান। খোদা, (ক) ৰছুলৰ পৰম বৈৰী। স্বয়ং খোদাতায়ালা আৰু তেঁওৰ ৰছুলে (ছ্ব; য়া; অ; বিদ্যা আৰু বিদ্যাৱন্তৰ গুণ বখানিছে; সমস্ত মনুষ্য জাতিক বিদ্যা শিক্ষালৈ আবাহন কৰিছে। এই দুৰ্ভগীয়া হঁতে কোন্ মুখে তেনে বস্তুৰ নিন্দা কৰে? একেইতো, সিহঁত, অমূল্য বিদ্যাধনৰ কঙ্গাল, তাতে তাকৌ, অনন্ত সুখৰ আধাৰ, তত্ত্ব-জ্ঞানৰ পৰাও বঞ্চিত।
(ক) ৰছুল অৰ্থাৎ পৰমেশ্বৰ প্ৰেৰিত শিক্ষা-গুৰু।