পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
পৰমাৰ্থ দৰ্পণ।

পাণী সোমোৱা জুৰিৰ মুখ মুকলি হৈ ৰব, তেতিয়ালৈকে, পাতালৰ নিকা পাণী পাবৰ আশা, দুৰাশা মাথোন। জ্ঞানৰ সমন্ধেও সেই কথা; যেতিয়ালৈ, বহিৰ্জ্ঞান মনৰ পৰা আঁতৰহৈ নাযাব, তেতিয়ালৈকে, আত্মাৰ, বিশুদ্ধ, নিৰ্ম্মল জ্ঞান লাভ নহব। পূৰ্ব্বৰ শিকা শাস্ত্ৰ-জ্ঞান মনৰ পৰা নিচেই গুচাই পেলালে আৰু বহিৰ্জগতৰ জ্ঞানত দুনাই মন মেলি নিদিলে শাস্ত্ৰ-বিদ্যাই, তত্ত্ব-জ্ঞানৰ বাট ভেটি নধৰে; বৰং তেনে ঘটনাত, প্ৰকৃত জ্ঞানে, অজ্ঞতাৰ আন্ধাৰ আঁতৰাই ক্ৰমাগত উদগতি লাভ কৰিব পাৰে।

 পৃথিবীত, এনে মানুহৰ আকাল নাই, যি নিজে মহা বিদ্যাৱন্ত য়ালেম ( বিদ্বান ) বুলি ভাবে। তেঁও যি শিকিছে, যি বুজিছে, সেয়ে, ঠিক আৰু নিৰ্ভুল; তাৰ বাজে সকলো অপূৰ্ণ আৰু অশুদ্ধ। অইন কোনো তেঁওতকৈ এশ গুণে চাৰ য়ালেম হলেও, শাস্ত্ৰগত যুক্তি- যুক্ত কথা কলেও, সেইবোৰ, তেঁওৰ অ’মান্য আৰু অগ্ৰাহ্য। বৰং অথালি-পথালি তৰ্ক-যুদ্ধ খন পাতি আপোন মত বলবৎ ৰাখিবলৈ হে উত্ৰাৱল। নিজ সত্ৰৰ ভকত কাবলক আভুৱা ভাষিবৰ হন্তে, তেঁও নানা তৰ্ক-বিতৰ্ক অভ্যাস কৰে আৰু সংসাৰক ছলিবলৈ বুলি, কেতেক ভাণ্ডনা আৰু ফাকটি জোৰে। এনেকুৱা জনে প্ৰকৃত জ্ঞান আৰু সত্যতত্ত্বৰ অধিকাৰী হোৱা দূৰৈৰ কথা, তাৰ কাষৰ চপাও অসম্ভব। কাৰণ, অহং জ্ঞানে তাৰ ভিকাচন