আজ্ঞাধীন। এতিয়া এই আষাৰিও জানি লোৱা যুগুত;
যি আত্মা, বিশেষ বলৱন্ত, সেই আত্মা ফেৰেস্তাৰ সম-
তুল্য। তেনে আত্মাই নিজ শৰীৰৰ বাহিৰে অইন ২
বস্তুৰ ওপৰতো, তাৰ প্ৰভাৱ চাবলৈ ক্ষমতাৱন্ত। তেনে
আত্মাৰ পৰাক্ৰম, দুৰ্দ্দান্ত সিংহ, বাঘ্ৰ আদি হিংসক
জন্তুৰ ওপৰত পৰিলে সিহঁতো সেও হয় আৰু ভয়ত টেপা
লাগে। কোনো ৰোগ গুচাবৰ মন কৰিলে, সেই ৰোগৰ
চাওঁতে ২ আৰোগ্য হয়; আকৌ, কোনো সুস্থ মানুহৰ
বিৰুদ্ধে থিয় হলে, সি, তেতিয়া ই ৰোগাক্ৰান্ত হৈ পৰে।
তাৰ ৰাজেও আকৌ যদি দূৰণি-বটীয়া কোনো মানুহক
ওচৰলৈ অনাবৰ ইচ্ছা কৰে, তেন্তে, সি চকুৰ পচাৰতে
আহি পায়হি। মন কৰিলে ডাৱৰৰ পৰা বৰষুণো বৰষাব
পাৰে।
আত্মাৰ, ওপৰত উনিকিওঁৱা ক্ষমতা, অভিজ্ঞতা দ্বাৰাই সপ্ৰমাণ হৈছে, আকৌ, বুদ্ধি আৰু যুক্তিৰেও প্ৰমাণ কৰা যায়। বদ-নজৰ অৰ্থাৎ কু দৃষ্টি আৰু যাদু-মন্ত্ৰ, ইও, সেই শ্ৰেণী ক্ষমতাৰ ভিতৰ। এই আটাই বোৰ ক্ৰিয়া, আত্মাৰ অসাধাৰণ ক্ষমতাৰ বলে, ঘটি থাকে। যি আত্মা চকু পোৰা অৰ্থাৎ যি আত্মাই আনৰ প্ৰতি সদায় ঈৰ্ষাৰ চকুৰে দৃষ্টি কৰে, পৰৰ সুখ-সৌভাগ্য দেখিব নোৱাৰে, নাশিবলৈ ইচ্ছা কৰে; সেই অভ্যাস, লাহে-লাহে ইমান বাঢ়ি উঠে, যে, কোনো চকু-লগা