পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
পৰমাৰ্থ দৰ্পণ।

উঠিলেও, দয়াময়ৰ দয়া নহলে দৈবত নেথাকিলে, গৌৰবৰ সেই ওখ টিঙ্গত কোনেও উঠিব নোৱাৰেগৈ। সাংসাৰিক বিদ্যালাভ, পদ, প্ৰাধান্যলাভ, এই দৰৰ আটাই সৌভাগ্য লাভৰ সেই একেই অৱস্থা।

⸺⸺

আত্মাৰ, ক্ষমতাৰ পৰা জন্মা মহত্ত্ব।

 মানুহৰ ঘাই বস্তু আত্মাৰ জ্ঞানৰ পৰা জন্মা মহত্ত্ব সমন্ধে তাকৰীয়াকৈ বৰ্ণোৱা হল; এতিয়া ক্ষমতাৰ পৰা জন্মা মহত্বৰ বিষয় কিছু কোৱা যাওক। জ্ঞানৰ পৰা জন্মা মহত্ত্ব, যেনেকৈ, ফেৰেস্তা সকলৰ এটা গুণ, তেনেকৈ ক্ষমতাৰ পৰা জন্মা মহত্ত্বও, ফেৰেস্তা লোকৰ আন এটা গুণ। এই গুণ, নিকৃষ্ট জীৱৰ নাই। জড়-জগতৰ কাৰ্য্য চলাবলৈ, ফেৰেস্তা সকল নিযুক্ত আছে। যেতিয়া, সংসাৰৰ হিতৰ কাৰণে, বৰষুণ লাগতিয়াল হয়, তেতিয়া, জগত-গৰাকীৰ আদেশ ক্ৰমে, ফেৰেস্তা লোকে বৰষুণ বৰষায়। তেনে স্বৰূপে, তেঁওবিলাকে বসন্ত কালত জুৰ, মৃদু বা ফিৰফিৰীয়া বতাহ বলায়। জৰায়ুত অৰ্থাৎ মাতৃ গৰ্ভত জীৱৰ মুৰ্ত্তি, পথাৰত উদ্ভিদৰ আকৃতি গঢ়ে। ভিন ২ কামলে, ভিন ২ ফেৰেস্তা ৰখা আছে। মনুষ্যাত্মা,