খোদাৱন্দ্-তায়ালাৰ পৰা পায়। বিনা দীক্ষায়ো যে,
অলেখ জ্ঞান, মানুহৰ মনত আপোনা-আপুনি সোমায়হি,
এই কথা বহুদৰ্শীতা দ্বাৰা সপ্ৰমান হৈছে; আৰু যুক্তি-
তৰ্কৰেও সাব্যস্থ কৰিব পাৰি। যদি কোনো জনে নিজ
পৰিশ্ৰমে সেই অতি অপূৰ্ব্ব অৱস্থা আৰ্জিব নোৱাৰে,
গুৰুৰ উপদেশেও কোনো গুণ নিদিয়ে আৰু সাৱশেষত,
যুক্তি, বুদ্ধিৰ বলেৰেও উৱাদিহ না পায়, তদপি তেওঁ এই
কণ সঞ্জাত কৰা উচিত যে, সেই পৰম বিতোপন অবৰ্ণনীয়
অৱস্থা, মানুহৰ ক্ষমতাধীন। কোনেও যেন, এই বিশ্বাসৰ
বাহিৰে হৈ নাযায়। এনে স্বৰূপ জ্ঞান-লাভ, আত্মাৰ
অদ্ভুত ক্ষমতাৰ পৰা ঘটে। আৰু এইটো আত্মাৰ মহত্ত্বৰ
চিনাকি মাথোন।
পাঠক! তুমি মনত নেভাবিবা, ওপৰত উল্লেখ কৰা জ্ঞান, পয়গম্বৰ সকলৰ সুকায়া; অকল সিবিলাকৰ বাজে, অইন কোনেও পাব নোৱাৰে। বৰং আটাই মানুহৰ আত্মা, আদিতে, সেই ক্ষমতা ল ভবৰ যোগ্য থাকে; আৰু সেয়ে আত্মাৰ নিজ প্ৰকৃতি। এই কথা ফাঁকি, ফট্-ফটীয়াকৈ বুজিবৰ কাৰণে এটা উদাহৰণ দিয়া যাওক। ছাঁ-ওলোৱা নিকা দৰ্পণ, সকলো লোৰে প্ৰস্তুত হব পাৰে; তেনে দৰ্পণত আটাই বস্তুৰ ছাঁ, দেখা যায় কিন্তু মামৰে ধৰি তাৰ ছাঁ-ওলোৱা গুণ নষ্ট কৰে। আত্মাৰ সমন্ধেও তেনে ঘটে। সংসাৰৰ, লোভ, মায়া, কামনা আৰু