বিলাক টান২ কামৰ পৰা, প্ৰথমতে তেনে জ্ঞান লাভৰ
আৰম্ভন। এই কাৰণে, পবিত্ৰ কোৰাণ শ্যাৰিফত,
খোদা-তায়ালাই কৈছে, “আৰু গোটেই বোৰ সমন্ধ
এৰি দি, তেখেতৰ হাতত আত্ম সমৰ্পণ কৰাঁ, সংসাৰৰ
মায়া, মোহত বন্দীহৈঁ, নাথাকিবাঁ সাংসাৰিক কাৰবাৰত
হাৰাশান্তি নহবাঁ, স্বয়ং খোদা-তায়ালাই, তোমাৰ সকলো
কামৰ সুব্যবস্থা লগাই দিব , পূৰ্ব্ব পশ্চিমৰ প্ৰভু তেওঁ,
তেওঁৰ বাজে আন কোনো প্ৰভু নাই; হেন জানি,
তেখেতক উকীল ধৰাঁ; যেতিয়া তুমি তোমাৰ সকলো
কাজ-কৰ্ম্মৰ হন্তে তেখেতক উকীল পাতিলা, তেতিয়া
তুমি নিজে নিশ্চিন্ত হোৱাঁ; সংসাৰত আকৌ মিহলি
নহবাঁ; ধৈৰ্য্য ধৰাঁ, সিহঁতে যি কয়, তাত আওকাণ কৰাঁ
আৰু সিহঁতক ৰঙ্গ মনেৰে বিদায় দিয়া”।
এই বিলাক, শ্ৰম আৰু তপ-জপ শিক্ষাৰ হিতো- পদেশ। ইয়াৰ গুণত আনলৈ শত্ৰু ভাব, সংসাৰলৈ মায়া, ভোগ্য বস্তুলৈ হুতাহ, এই আটাই বোৰ দোষ, এৰা পৰিব; এয়ে, ছুফী বা সিদ্ধ-পুৰুষ বিলাকৰ বাট আৰু পয়গম্বৰ, সকলৰো বাট। শাস্ত্ৰ-বিদ্যা পঢ়ি, বিদ্যাৱন্ত য়ালেম সকলে, তেনে জ্ঞান লাভ কৰিব পাৰে হয়,কিন্তু নবী আৰু ওলী লোকৰ জ্ঞানে সৈতে ৰিজালে, ই যৎ সামান্য। নবী আৰু ওলী সকলে, তেওঁ বিলাকৰ পৰম বিতোপন, উৎকৃষ্ট জ্ঞান, গুৰুৰ বিনা উপদেশে,