পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
পৰমাৰ্থ-দৰ্পণ।

 টোপনি গলে জড়-জগতেৰে সৈতে আত্মাৰ সম্বন্ধ কিছুমান ছিগিলে, আধ্যাত্মিক জগতে সৈতে আপোনা- আপুনি তাৰ সংযোগ ঘটি উঠে। এই হেতুকে, আধ্যাত্মিক জগতৰ ঘটনা বোৰ তেতিয়া, আত্মাৰ দৃষ্টিত পৰে। আকৌ, এইটিও মনত ৰখা উচিত, টোপনি গলেও, জড়- জগত আৰু আত্মাৰ সম্বন্ধ সম্পূৰ্ণ নিছিগে; ইন্দ্ৰিয় বিলাকৰ কাজ-কাম ক্ষান্ত হয়, সঁচা, কিন্তু, সজাগ কালৰ সাংসাৰিক ভাব বা ধী-ধিয়ণী বোৰ, মনৰ পৰা গোটেই নুগুচে; এই কাৰণে, টোপনিৰ কালত, আধ্যাত্মিক জগতৰ আৰু লও হে-মহ্ফুজৰ, ক্ৰিয়া-কাণ্ড বোৰ, সততে প্ৰকৃত আকাৰে দেখা নগৈ, প্ৰায় দৃষ্টান্ত স্বৰূপে দেখা যায়।

 মানুহে দেহ এৰিলে অৰ্থাৎ মৰিলে, মৰণৰ লগে ২ তাৰ ইন্দ্ৰিয়-জ্ঞান বোৰো লুপ্ত হয়; জড়-জগতৰ জ্ঞান সমুলি গুচে; সুতৰাং, আধ্যাত্মিক জগতৰ ফালে, আত্মাৰ জ্ঞানৰ দুৱাৰ, সম্পূৰ্ণ মুকলিহৈ পৰে। আত্মা আৰু আধ্যাত্মিক জগতৰ মাজত, কোনো আঁৰ-বেৰ নাথাকে। বিশ্ব-জগতৰ ক্ৰিয়া-কাৰণ, দাৰা-দস্তুৰ বোৰ, তেতিয়া, আত্মাৰ চকুত, নিচেই কৈ ফট্-ফটীয়া হৈ পৰে। সেই সময়ত, স্ৰজন-কৰ্ত্তা আল্লা-তায়ালাই মাত লগাই কব, “এতিয়া আমি, তহঁতৰ ওপৰৰ পৰা পৰ্দ্দা তুলি লৈছোঁ, তহঁতৰ দৃষ্টি, এতিয়া চোকা হৈছে”। সিহঁতে কব, “হে