পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
পৰমাৰ্থ-দৰ্পণ।


দুৱাৰ অন্তৰ্জগতৰ ফালে মুকলি হয়। সুতৰাং আধ্যাত্মিক জগতত, যি বিলাক অনাভুৱা নোহোৱা, নোপজা আচৰিত বস্তু বৰ্ত্তমান আছে আৰু লওহে-মহ্ফুজত অৰ্থাৎ (স্বৰ্গ-ধামৰ যি থলত, বিশ্ব–জগতৰ, ভূত, ভবিষ্যত, বৰ্ত্তমান, সকলো বস্তু, সকলো ঘটনা ৰখা থাকে) তাত যি বিলাক অচিনাকি ভবিষ্যত ঘটনাৰ ছাৱ বা ছবি অঁকা আছে, সেই আটাই বোৰ চকুত পৰে; কিন্তু, টোপনিত, সেই বিলাক আঁৰত থকা আৰু আগন্তুক ঘটনা, কেতিয়াবা২ ফট্–ফটীয়া কৈ, সেই২ অনুৰূপেই আৰু মাজে সময়ে দৃষ্টান্ত স্বৰূপে দেখা দিয়ে। দৃষ্টান্ত ৰূপে দেখা গলে, তেতিয়া, তাৰ অৰ্থ ভাঙ্গি বুজিবৰ প্ৰয়োজন হয়।

 সাধাৰণতঃ মানুহে মনত ভাবে, সজাগ অৱস্থাত সৰহ পৰিমান জ্ঞান লাভ হয়, কিন্তু দৰাচলত তেনে নহয়; দিঠকত, কেতিয়াও চকুৰ আঁৰৰ, অচিনাকি, নজনা বস্তুৰ সমন্ধে একোকে জ্ঞান পোৱা নাযায়। চিনা-জনা বস্তুৰ বাহিৰেও বহুত নজনা, নুশুনা, চকুৰ আঁৰত থকা বস্তু, সপোনত মানুহে দেখে; এই কথা মিছা বুলি ভাবিব না লাগে। সপোনত লভা জ্ঞান, কেতিয়াও বহিৰিন্দ্ৰিয়ৰ সাহায্যত, পোৱা নহয়। সপোনৰ বহল বিবৰণ, এই পুথিত নাটিব। তেও, চমুকৈ, অলপ-অচৰপ তলত কোৱা যাব।

⸻⸻