ঘটনা-সমন্ধে, খোদা-তায়ালাই কৈছে, “আৰু যদি তুমি
দেখিল হেঁতেন, যেতিয়া পাপী বোৰে, সিহঁতৰ প্ৰভুৰ
সন্মুখত তল-মূৰীয়াহৈ স্থিতি কৰে।” যি বিলাকৰ দশা
এনে হব, সিহঁত, শ্যায়তানৰ সঙ্গত ছিজ্জিন নামে দোজখত
থাকিব। ছিজ্জিনৰ অৰ্থ সকলোৰে বুজ নাপায়; এই
দেখি, খোদা-তায়ালাই আপোন পৱিত্ৰ কোৰাণ শ্যৰিফত
উক্তি কৰিছে, “আৰু তুমি জানা নে, ছিজ্জিন কি? ই,
অতি ভয়ঙ্কৰ ঠাই”।
আধ্যাত্মিক জগতত যে, কেত বোৰ আচৰিত, আচৰিত ঘটনা ঘটিছে; তাৰ পাৰা পাৰ নাই। আত্মা, সকলোতকৈ মহৎ বা ডাঙ্গৰ। ডাঙ্গৰ হলেও আত্মাক কেঁও জানিব নোৱাৰে। আত্মাৰ মহত্ত্ব বা গৌৰবৰ দুটা কাৰণ আছে; ১ম জ্ঞান, ২য় ক্ষমতা; আত্মাৰ জ্ঞানৰ পৰা ওপজা মহত্ত্ব, আকৌ দুবিধ; প্ৰথম বিধ সদৰী বা জনা-শুনা; দ্বিতীয় বিধ গুপ্ত বা লুকুৱা; সাধাৰণে চিনি না পায়; এই গুপ্ত মহত্ত্ব, অতি দুৰ্ল্লভ; পাবলৈ টান।
আত্মাৰ সদৰী মহত্ব; আত্মাই, আটাই শিল্প-চতুৰালিৰ ভিতৰলৈ গতি কৰিব পাৰে, সকলো বিদ্যা অভ্যাসৰ ক্ষমতা ৰাখে; গণিত, জ্যোতিষ, চিকিৎসা, ধৰ্ম্ম নীতি গোটেই বোৰ তাৰ আয়ত্তাধীন। আত্মা, এনেকুৱা এটি অদ্ভুত, অনুপম বস্তু যে, যদিও তাৰ অংশ হব নোৱাৰে, তদপি, তাৰ ভিতৰত সকলো প্ৰকাৰ জ্ঞান, বিজ্ঞানৰ ঠাই হব