পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
পৰমাৰ্থ-দৰ্পণ।


আসনত পৰম ক্ষমতাশালী মহাৰাজাধীৰাজৰ কাষত বহিব”। এনে অৱস্থা ধাৰ্ম্মিক আত্মাৰ ভাগ্যত হে ঘটে।

 দ্বিতীয় গুণটি, মৰণৰ পাছত পাপাত্মাৰ সঙ্গত থাকে। ই, অন্ধকাৰ ময়, ওপৰলৈ ভৰি তললৈ মূৰ কৰি স্থিতি কৰে। পাপ আত্মা পাপৰ গুণত কলাঙিকত; আন্ধাৰে তাক ঢাকি ৰাখে। তাৰ, ভৰি ওপৰলৈ, মূৰ তললৈ হোৱাৰ কাৰণ এই; পাপাত্মা মানুহ, জীৱদ্দশাত, আনৰ প্ৰতি অত্যাচাৰ, অন্যায় অকথা কৰি মনত সুখ পাইছিল; কাম- বৃত্তিৰ দাসত্ব কৰি, তৃপ্তি লভিছিল। বহুত কাল, তেনে কৰোঁতে২ সেই কামত আত্মাৰ অভ্যাস বন্ধ গৈছিল। মৃত্যু ঘটনাত, দেহাটো আত্মাৰ পৰা বেলেগ হৈ যায়, আৰু তাৰ লগে২ কাম, ক্ৰোধ আদি ৰিপু, আত্মাৰ পৰা খহি পৰে; কিন্তু সিহঁতৰ প্ৰভাৱত, আত্মাৰ ভিতৰত যি গুণ বা ভাব জম্মিছিল সেই ভাব আত্মাৰ পৰা আঁতৰি নাযায়। কাম, ক্ৰোধ, লোভ, আপোন২ ভোগ্য বস্তুত আকৃষ্ট হৈ আছিল। ক্ৰোধ আৰু কামনা, এই পৃথিবীৰ বস্তু; সুতৰাং পৃথিবীৰ পিঠিতে বন্দীহৈ থাকে। এতেকে, মৃত্যু কালত পাপাত্মা, ই-পুৰী এৰি, যেতিয়া সি-পুৰীলৈ উধাই গৈ থাকে, তেতিয়া, তাৰ লগৰ লগৰীয়া ভাবটি, যাৰ ভোগ্য বস্তু, পৃথিবীতে ৰৈ গৈছে, সেই বস্তুৰ দ্বাৰা আকৃষ্ট হবলৈ ধৰে। সি-পুৰীওখ আৰু ই-পুৰী চাপৰ, সেই অকৰ্ষণেৰে, আকৃষ্ট হৈ পাপী আত্মা, ওপৰ মূৰীয়া গুচি, তল মূৰীয়া হৈ পৰে। এই