প্ৰবৃত্তিক উদগাই দি বলৱন্ত কৰিব। এতেকে, শ্যায়তানী প্ৰবৃত্তিক বশীভূত ৰাখি তাৰ পাক-চক্ৰৰ পৰা গা
সৰুৱাই, বিবেক বুদ্ধিক বলী কৰিবলৈ দিহা কৰাঁ।
তেনেহলে, তোমাৰ অন্তঃকৰণত, নিপুণালি, পাৰ্গতালি,
মহতালি, জ্ঞান, কৌশল, পৰহিত-কামনা, বিনয়, শিষ্টাচাৰ আদি সকলো সজ-গুণ উপজি, তোমাৰ আত্মাক
দীপ্তিমন্ত কৰিব। আৰু সেই সজ-গুণ বোৰ, বাৰেও
কালি তোমাৰ সঙ্গত থাকিব। মৃত্যুৰ পাচতো, অনন্ত-
কলীয়া সজ আৰু পূণ্য কৰ্ম্ম লালীৰ ভূমুক হব; আৰু
ইকালতো, তোমাৰ সম্পদৰ বিধান হৈ পৰম হিত
সাধিব।
যি বোৰ ক্ৰিয়াই, নৰ-নাৰীৰ অসজ গুণ, অসজ চৰিত্ৰ জন্মায়, সেই সমস্ত ক্ৰিয়াক, পাপ-কৰ্ম্ম বোলে আৰু যিবিলাকে, সজ-গুণ উত্তম চৰিত্ৰৰ উৎপত্তি কৰে, সেই সমস্তক পূণ্য-কৰ্ম্ম কয়। মানুহৰ গোটেই কৰ্ম্ম আৰু যত্ন, এই দুই অৱস্থাত বাজে, অইন অৱস্থাত থাকিব নোৱাৰে।
মানুহৰ দেল বা আত্মা, পৰিষ্কাৰ আৰ্চীৰ নিচিনা ফট্-ফটীয়া। কুচৰিত্ৰ, ধোঁৱা আৰু আন্ধাৰৰ দৰ মলিয়ন। কুচৰিত্ৰই, অনুক্ৰমে, আত্মালৈ গৈ, তাক কলুষিত বা দাগী কৈ পেলায়। কুগুণ, কুচৰিত্ৰে, আত্মাৰ, সম্মুখত এখনি কলীয়া আঁৰ পেলাই সি পৰাৎপৰ, পৰমোন্নত স্থান