পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
পৰমাৰ্থ-দৰ্পণ।

হেন দেখা যায় সঁচা; কিন্তু দৰাচলত, সিহঁত, কোনো গাহৰি, কোনো কুকুৰ আৰু কোনোবা বাঘ। সি পুৰীত পাপ পুণ্য বিচাৰৰ দিনা, ইয়াৰ ভেদাভেদ ওলাই পৰিব। তেতিয়া প্ৰকৃতিলৈ আকৃতি হব। যি মানুহে সংসাৰত কাম আৰু লোভ বশীভূত হৈ চলিছিল, সি, সিপুৰীত শূকৰৰ ৰূপ ধৰিব আৰু যিটো ক্ৰোধৰ আজ্ঞাধীন, সি কুকুৰ বা বাঘৰ মূৰ্ত্তি পাব। কোৱা আছে, যি মানুহে সপোনত বাঘ দেখা পায়, তাৰ অৰ্থ, সি দুৰন্ত; আকৌ যি গাহৰি দেখে, সি মেলেছ।

 টোপনি এবিধ মৰণৰ আৰ্হি। টোপনিৰ প্ৰভাৱত মানুহ, ইহ জগতৰ পৰা, যিমানে আঁতৰ হৈ যায়, সিমানে তাৰ আকাৰ অনুক্ৰমে, তাৰ স্বভাৱৰ অনুৰূপ হৈ পৰে। সেই কাৰণেই, মানুহৰ বাহিৰা আকাৰ, আও-ভাও দেখি, তাৰ ভিতৰুৱা স্বভাৱৰ আঁটকাল ধৰিব পাৰি। এই বোৰ বৰ দ-গূঢ় কথা। এই পুথিত তাৰ ব্যাখ্যা নাটিব।

 প্ৰিয় পাঠক! এতিয়া বুজিব পাৰিছা, মানুহৰ অন্তৰত চাৰিবিধ প্ৰবৃত্তি আছে। এই প্ৰবৃত্তি বোৰে, মানুহৰ ওপৰত সদায় হুকুম চলায়। সেই প্ৰবৃত্তি বিলাকৰ, কোন্ ২ টোৰ অধীন হৈ তোমাৰ কাম-বন চলন-কৰণ, ভাবান-চিন্তনি আৰু চেষ্টা-যত্ন চলিছে, তাক বাৰুকৈ চাই-চিতি, মনত বুজি লব লাগিব; আৰু এই কথা আষাৰিও পতিয়াই লোৱা উচিত যে, তুমি যি ২ প্ৰবৃত্তিৰ