দৰাচল পক্ষত, মানুহৰ স্বভাৱৰ মাজত গাহৰি স্বভাৱ,
কুকুৰ স্বভাৱ শ্যায়তানী স্বভাৱ আৰু ফেৰেস্তা স্বভাৱ,
এই চাৰিও বিধ স্বভাৱ বৰ্ত্তমান আছে। শূকৰ, তাৰ,
আকাৰ, গঢ়-গতিৰ নিমিত্তে ঘৃণাৰ পাত্ৰ নহয়; সদ
সৰ্ব্বদা অশুচি, ঘিণ-লগা বস্তুলৈ লোভ কৰে দেখিহে
লোকে তাক ঘিণায়। কুকুৰো, হাত, ভৰি, নোম, ছাল,
আকাৰ, গঢ় ইত্যাদিৰ বাবে, ঘৃণাৰ পাত্ৰ হোৱা নাই।
সদায় স্বজাতিলৈ শত্ৰু ভাব পোষণ কৰে, আন কাৰবাক
দেখিলে ভেউ-ভেউ কৰে ভুকে আৰু খেং-খেং কৰে
কামুৰিবলৈ খেদি আহে, এই কাৰণেহে ঘৃণাৰ পাত্ৰ
শূকৰ, কুকুৰৰ জীউ তেনে প্ৰকৃতিৰ কাৰণেই সিহঁতে
আপোন ২ স্বভাৱ অনুসৰি কাৰ্য্য কৰে। মানুহৰ গাতো
তেনে প্ৰকৃতি আছে। মানুহৰ শ্যায়তনী স্বভাৱ আৰু
দেৱ-ভাবৰ বিবৰণ, সেই দৰে বহলাই কোৱা যাব।
বুদ্ধিৰ পোহৰ, ফেৰেস্তাৰ জেউতিৰ নিচিনা; বুদ্ধিৰ পোহৰলৈ শ্যায়তানৰ ছল, চক্ৰান্ত সদৰী অৰ্থাৎ জনা-শুনা কৰি দিবলৈ মানুহৰ প্ৰতি আদেশ আছে। তেনে কৰিলে শ্যায়তান, তাৰ শ্যায়তানী কামত সদায় কোঁচ-খাই থাকিব আৰু সজ-কৰ্ম্মত কোনো বিঘ্নি ব্যাঘাত ঘটাব নোৱাৰিব। মহাপুৰুষ হজৰত মহম্মদ মস্তাফা (ছ্ব, য়া, অ) মে, কৈছে, “মানুহৰ সঙ্গত গাই ২ একোটা শ্যায়তান আছে; আৰু মোৰো লগত এটা আছে; কিন্তু খোদা-