কৰিব পাৰি। ১ম ইতৰ জন্তুৰ স্বভাৱ; ২য় হিংসক
জন্তুৰ স্বভাৱ, ৩য় শ্যায়তানী স্বভাৱ ৪ৰ্থ, ফেৰেস্তা স্বভাৱ
বা দেৱ-ভাৱ। মানুহৰ কাম-বৃত্তি আৰু লোভ আছে
গুণে, ইতৰ জন্তুৰ আৰ্হি অনুসৰি সিহঁতে নাৰী সহবাস
আৰু পান আহাৰ কৰে; ক্ৰোধ ৰিপু আছে গুণে কুকুৰ,
শিয়াল, বাঘ আদি হিংসক জন্তুৰ নিচিনাকৈ পৰহিংসা
পৰ-যাতনা, দন্দ আৰু মৰিয়া-মৰিকৈ দিন কটায়। মানুহৰ
গত শ্যায়তানী স্বভাৱ আছে কাৰণে, মিছা, নিন্দা, ছল-চাতুৰি চুৰি আদি নীহ কামে সিহতক অনুক্ৰমে তললৈ
হেচুকি নি অধোগতিৰ ঘোপ-মৰা দ-খালত পেলায় গৈ
মাথোন। মিছলীয়া, টুটকীয়া, নিন্দক, ভাণ্ডক, চোৰ,
চেলেপুৰ মুখৰ পৰা পৰ-গ্লানি, পৰ-নিন্দা, পৰ-দ্ৰোহ
ইয়াকেহে বৰষিবলৈ দেখা যায়। আকৌ, মানুহ বিবেক
বুদ্ধিৰ সুকীয়া গৰাকী দেখি কেতিয়াবা ২ ফেৰেস্তাৰ
ক্ষমতাই ঢুকি নোপোৱা কামো কৰি এঁতায়।
জ্ঞানলৈ হেপাহ, সজ-কামলৈ হাবিয়াহ, বেয়া কামলৈ ঘিণ, পৰ হিতলৈ আগুউৱা, নীহ কামৰ পৰা আঁতৰা, সকলো অৱস্থাত পৰমেশ্বৰলৈ শলাগ নপহৰা, আপোন মান, মৰ্য্যাদা ৰাখি চলা, মূৰ্খালি, অবিদ্যালিক লাজৰ আৰু ডাঙ্গৰ দোষৰ কাৰণ বুলি ভবা, এই গোটেই বোৰ ফেৰেস্তাৰ স্বাভাৱ। মানুহৰ গাত ফেৰেস্তা স্বভাৱ আছে
গুণে, মানুহে সেই সকল কাম কৰে।