বিভোল হৈ পৰিব; তেতিয়াহে তেখেতৰ উপযুক্ত বান্দা
অৰ্থাৎ স্তুতিকাৰী আজ্ঞাবহ দাস হব পাৰিব। স্ৰজন
কৰোঁতা খোদাতায়ালাই এই সমন্ধে স্বীয় পবিত্ৰ (ক)
কালামাল্লা শ্যৰিফত কৈছে, “আৰু আমি উপাসনা,
বন্দনাৰ বাজে আন কোনো কাৰণে জেন্ ( উপদেৱতা)
আৰু এন্ছান (মানব জাতি)ক, স্ৰজন কৰা নাই।”
পৰম দয়ালু পৰমেশ্বৰে আত্মা স্ৰজন কৰি, অলেখ লগুৱাৰে সৈতে এই লোভনীয় দেহ দান কৰিছে। আত্মা, দেহ ৰূপ ঘোৰাত উঠি যেন, এই নিম্ন জগতৰ পৰা “য়ালা ইল্লিন” অৰ্থাৎ ওখতকৈ ওখ শ্ৰেষ্ঠতম জগতলৈ অনুক্ৰমে উধাই গৈ থাকে। যদি কোনোৱে এই মহা দানৰ মোল জানিবলৈ হাবিলাষ ৰাখে আৰু নিজ দাসালি ধৰ্ম্ম সাৰ্থক কৰিবলৈ হুতাহ কৰে, তেনেহলে তেওঁৰ উচিত; তেওঁ, ৰজাৰ দৰে নিজ সিংহাসনত থিৰ হৈ বহে, পৰমেশ্বৰক সন্মুখত লক্ষ্য কৰি লয়, পৰকালক চিকলীয়া ঘৰ বুলি বুজে আৰু এই সংসাৰক আলি কাষৰীয়া পান্থ- শালা, দেহাটোক বাহন, হাতভৰিক লগুৱা, বুদ্ধিক মন্ত্ৰী, লোভক খাজাঞ্চী, ক্ৰোধক কটোৱাল, ইন্দ্ৰিয় বিলাকক, বাৰ্ত্তা বাহক দূত পাতি লয়; আৰু প্ৰত্যেকক আপোন ২ কৰিব লগীয়া কাৰ্য্যত লগাই; পৰকালৰ সম্বল সঞ্চয়
কৰে।
(ক) কোৰান শ্যৰিফ।