এখোজো আগুৱাবলৈ সাহ নাপায় এনেদৰে ৰাখে; আৰু
তেনে দৰে সকলো ৰকমে নিজ ৰাজ্যৰ শৃঙ্খলা কৰিবলৈ
সদায় যতন কৰে আৰু মনোযোগী হয়। তেনেকৈ
দেহ-ৰাজ্যৰ দেল-ৰূপী ৰজাইও যদি আপোন ৰাজ্য শাসনৰ
বাবে বুদ্ধি মন্ত্ৰীৰ মন্ত্ৰনা অনুসৰি চলে; লোভ, খঙক
দমাই ৰাখিবলৈ সিহঁতৰ ওপৰত বিবেকক অধিপতি
পাতি দিয়ে, তেনেহলে দেহ-ৰাজ্যৰ কাৰ্য্য সুশৃঙ্খলা লাগি
সুন্দৰকৈ চলিব।
দেহ-ৰাজ্যত যেতিয়া এনেকুৱা সুনিয়ম লাগিব, শাসন কাৰ্য্য তেনেদৰে শৃঙ্খলামতে চলি থাকিব; তেতিয়া “দেল” সম্পদৰ বাটত সুকলমে আগুৱাই গৈ পৰাৎপৰ পৰম্পদ অৰ্থাৎ পৰমোন্নত পৰমোৎকৃষ্ট থলত থিতাপি লাগিব পাৰিব। তাৰ বিপৰীত, যদি হে ক্ৰোধ আৰু লোভে বিবেকক বঞ্চনা কৰি কিবা স্বৰূপে সিহঁতৰ আজ্ঞাকাৰী দাসকৈ লয়, তেনেহলে লাভে মুলে সমূলি বুৰিব। দেহ- ৰাজ্য অধঃপাতে মাৰ আৰু আত্মৰূপী মহাৰাজ বন্দী হৈ অনন্তকাল বিষয় নিকাৰ ভুঞ্জি কাল নিয়াব লাগিব।
⸻