পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
পৰমাৰ্থ-দৰ্পণ।


শিক্ষা-গুৰু মহাপুৰুষ, হজৰত মহম্মদ মস্তফা (ক) (ছ্বল্লল্লাহে-য়ালেই হে আছল্লমে) সাধাৰণৰ সন্মুখত আত্মাৰ সম্ভেদ ভঙ্গা নাই। তেওঁৰ ওচৰত ঈশ্বৰৰ আদেশ আহিছে, “যেয়ে সেয়ে, তোমাক “ৰুহৰ” সমন্ধে সুধিছেহি; তুমি কোৱাঁ “ৰুহ” মোৰ প্ৰভুৰ আম্ ৰ, ( আদেশ)”। ইয়াৰ বঢ়া, কবৰ আজ্ঞা নাই। নহলেও, ইমানলৈ কব পাৰি, আত্মা, জগত গৰাকী খোদা-তায়ালাৰ “খল্ক্” (সৃষ্টি ) আৰু “আম্ৰ্” (আদেশ)ৰ অন্তৰ্গত।

  যি বস্তুৰ আকাৰ আছে, দীঘ, পথালি জোখ আছে, সেই বস্তুৰ ভাগ বা অংশ হব পাৰে। আত্মাৰ আকৃতি পৰিমাণ একো নাই; এই কাৰণে, ইয়াৰ অংশ হব নোৱাৰে। আত্মা, বিভাজ্য অৰ্থাৎ ভাগ হব পৰা বস্তু হোৱা হেঁতেন, কোনো এক স্বৰূপে, ভাগ কৰা হল হেঁতেন; কিন্তু আজি পৰিমিত, কোনেও কোনো ঠাইত তাৰ ভাগ কৰি দেখুৱাব পৰা নাই। কাৰণ, আত্মা জড়- জগতৰ বস্তু নহয়, আধ্যাত্মিক জগত ৰহে। কিন্তু, আত্মা অনুৰুপীয়া বস্তুৰ দৰে জড়-জগতৰ নহলেও, ই, এটি, খোদা-তায়ালাৰ স্ৰজা বস্তু। ওপৰত উনিকিওঁৱা হৈছে আত্মা জগত-গৰাকীৰ “খল্ক্” (সৃষ্টি) আম্ৰ্ (আদেশৰ) অন্তৰ্গত। এই যুক্তি অনুসৰি আত্মা, জড়-জগত আৰু

আধ্যাত্মিক জগত, দুয়োৰো অন্তৰ্গত বুলি কব পাৰি।


 (ক) যাৰ ওপৰত ঈশ্বৰৰ কৃপা আৰু শান্তি বাৰি বৰয়ক।