পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰমাৰ্থ-দৰ্পণ।

দেল বোলা সেই মাংস খণ্ড, পশুৰো আছে, মৰা শৰো আছে, কিন্তু, তাৰ একো মূল্য নাই।

 মানুহৰ ঘাই বস্তু, দেল বা আত্মা; আৰু এই সামান্য চকুৰে দেখা না যায়। যিবিলাক বস্তু, চকুৰে দেখা যায়, সেই সমস্তক, দাৰ্শনিক পণ্ডিত বিলাকে “চাক্ষুষ-জগত বা জড়-জগত” নাম দিছে। আত্মা, এই জড়-জগতৰ বস্তু নহয়; আলহী ভাবে, এই জগতলৈ আহিছে। দেল বোলা মাংস পিণ্ড ইয়াৰ বাহন। কব লাগিলে, শৰীৰৰ গোটেই বোৰ ইন্দ্ৰিয় আৰু অবয়বাদি আত্মাৰ লগুৱা, বা আজ্ঞাধীন দাস। আত্মা, গোটেই শৰীৰৰ গৰাকী বা ৰাজাধিৰাজ মহাৰাজ। পৰমেশ্বৰৰ তত্ত্বজ্ঞান লাভ আৰু তেখেতৰ অনুপম ৰূপ দৰ্শনেই, আত্মাৰ গুণ। আত্মাই পৰমেশ্বৰৰ আদেশ পালনৰ ক্লেশ সহিব লাগিব; পাপ পুণ্যৰ ভাবো আত্মাৰ মূৰতে; আৰু কৰ্ম্মফলৰ ভোগাভোগো আত্মাৰ হে। আত্মাৰ অদৃষ্টত হে, প্ৰকৃত সম্পদ আৰু বিপদ লেখা আছে। এইবোৰ বিষয়ত, শৰীৰ, আত্মাৰ তলতীয়া। আত্মাৰ এনেকুৱা স্বৰূপ আৰু গুণ দৰ্শনহে আত্ম-জ্ঞান; তেনে আত্ম-জ্ঞানহে পৰমেশ্বৰৰ তত্ত্বজ্ঞানৰ সঁচাৰ।

 প্ৰিয় পাঠক! তুমি মানুহৰ মূল বস্তু, আত্মাক চিনিবলৈ কাৰবাৰ কৰাঁ। আত্মা, এটি বহুমূলীয়া উৎকৃষ্ট

ৰত্ন; ই ফেৰেস্তাৰ সমজাতি।