বাব, আৰু আজি কালিকৈ, আওবাটে ছলকৈ নি, আৱ-
শেষত, অতি কুৎসিত, কুন্ধচ্, নীহ ঠাইত পেলাব;
সেই খেচ ঠাইকে দোজখ বা নৰক বোলে।
ওপৰত যি কোৱা হল, যদি তাৰ সাৰাৰ্থ বুজিছা, তেনেহলে, তুমি তোমাৰ আত্ম-জ্ঞানৰ যৎকিঞ্চিৎ গম পাইছা। সেই সম্ভেদ নোপোৱা জনৰ মনত হলে, ধৰ্ম্ম কথা কঠুৱা আৰু অতি আমনি লগা। তেনে জনৰ পৰা ধৰ্ম্ম-তত্ত্ব বহু নিলগত আঁৰত পৰি থাকে।
প্ৰিয় পাঠক। তুমি যদি নিজক জানিব খোজা, তেন্তে আগেয়ে, এই কথা ফাঁকি জনা উচিত; পৰমেশ্বৰে তোমাক দুবিধ বস্তুৰে স্ৰজন কৰিছে। ১ম দেহ, যিহক চকুৰে দেখা পোৱা যায়; ২য়, ভিতৰুৱা হেতু, যিহক ৰুহ বা দেল্ অথবা আত্মা বা পৰমাত্মা বোলে। আত্মা, চকুৰ অগোচৰ; জ্ঞান-চকু নহলে দেখা নাযায়। এই ভিতৰুৱা বস্তুটোৱেই “তুমি”। তাত বাজে আৰু যি বস্তু তোমাৰ লগত আছে, সেই আটাইবোৰ আত্মাৰ তলতীয়া দাস বা লগুৱা মাথোন।।
আত্মাক, এই পুথিত “দেল” আৰু মাজে সময়ে “ৰুহ" নামেৰে উল্লেখ কৰা হব; তেতিয়া সি, মানুহৰ সেই মূল বস্তু আত্মাক হে বুজাব। মানুহৰ বাঁও ফালৰ বুকৰ ভিতৰত যি এডোখৰ মঙ্গহ আছে, যিহক সাধাৰণ মাতেৰে দেল বোলে, এই পুথিত সেই দেল নুবুজাব।