পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰমাৰ্থ-দৰ্পণ।

 যদি তুমি নিজ স্বভাৱ, দ-কৈ গমি চোৱা আৰু ৰেণু- ৰেণুকৈ বিচাৰিব ধৰা, তেনেহলে, ইতৰ জন্তুৰ স্বভাৱ, নো, কেলৈ তোমাক দিছে, ইয়াৰ সম্ভেদ আপোনা আপুনি তোমাৰ মনত উদয় হব।

 স্ৰজন কৰোঁতা গৰাকীয়ে, কাম, ক্ৰোধ, লোভ আদি কেতবোৰ নিকৃষ্ট প্ৰবৃত্তি, এই অভিপ্ৰায়ে তোমাক দিছে যে, হয় সেই বোৰ প্ৰবৃত্তিয়ে, তোমাক বশ কৰিলৈ দিনে- ৰাতিয়ে গোলাম খটাব, নাইবা তুমিয়েই সিহঁতক হাতৰ মুঠিত ৰাখি দাস কৰি লবা আৰু সিহঁতক সাৰথি কৰি সংসাৰ প্ৰবাসত মন পুতি পৰমাৰ্থ বেহা বেহাবলৈ সততে সাজু থাকিবা। আৰু তাক বেহাবৰ কাৰণে সিহঁতৰ ভিতৰৰ কাকো গোমস্তা, কাকো চৰকাৰ, কাকো তহবিল- দাৰ পাতি সুকলমে কাৰবাৰ চলাই থাকিবা। যি দিন কেইটা সংসাৰ প্ৰবাসত আছা, সিহঁতক আজ্ঞাকাৰীকৈ ৰাখিবলৈ আওহেলা নকৰিবা। পৰমাৰ্থ বিত্ আৰ্জিবৰ হন্তেহে মাথোন, সংসাৰযাত্ৰী হৈছা, এই ফাঁকি কথা শকতকৈ বুকত বান্ধি লবা। কেতিয়াও নাপাহৰিবা।

 পৰমাৰ্থ-সম্পদৰ উন্নত ধামক, বিজ্ঞ পণ্ডিত বিলাকে পৰাৎপৰ পৰম্পদ আৰু সাধাৰণ লোকে জান্নাৎ বা বৈকুণ্ঠ বোলে। পৰমাৰ্থ লাভেই বৈকুণ্ঠ লাভ। যদিহে তুমি তোমাৰ নীচ প্ৰবৃত্তি বিলাকক বশ কৰিব নোৱাৰা, সিহঁতেই তোমাক আজ্ঞাকাৰী কৰিলৈ, বিন ধনে গোলাম