পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰমাৰ্থ-দৰ্পণ।


তুমি ইতৰ প্ৰাণী হোৱা, তেন্তে, দিনে-ৰাতিয়ে পেটপূৰকৈ খোৱাঁ, গোটেই নিশা, নিসাৰে শোৱাঁ আৰু কামদেৱৰ সেৱাত বুৰগৈ কাল নিওঁৱাঁ।

 হাই-কন্দল, যুঁজা যুঁজি, মৰিয়া-মৰি; এই বোৰ হিংসক জন্তুৰ স্বভাৱ; ধূৰ্ত্তালি, টেঙ্গৰালি, মিছালি, কুৰ্চ্চূট, কপট আদি কুকৰ্ম্মত লিপ্ত থকা, শ্যায়তানৰ প্ৰকৃতি। যদি তুমি হিংসাকুৰীয়া জন্তু আৰু শ্যায়তান হোৱা, তেনেহলে, সেই বোৰ নীহ কামত লাগি থাকাঁ; তাকে কৰিলে তোমাৰ পশু প্ৰকৃতি আৰু শ্যায়তনী স্বভাৱক সন্তোষ দিব পাৰিবা। পশু আৰু শ্যায়তানে যিহক সম্পদ বুলি ধৰে, সেই সম্পদ ঘটিবলৈ সক্ষম হবা।

 স্ৰজন কৰোঁতা গৰাকীৰ অনুপম ৰূপ-ৰাশি, দৰ্শন কৰাই ফেৰেস্তা সকলৰ স্বভাৱ। পৰমেশ্বৰৰ ৰূপৰ জেউতি দেখিয়েই তেওঁলোক সম্পদশালী। ফেৰেস্তা লোকৰ স্বভাৱত ক্ৰোধাদি দোষ নাই। ইতৰ প্ৰাণী অথবা হিংসাকুৰীয়া জন্তুৰ প্ৰকৃতিৰ পৰা সিবিলাক সমূলে মুক্ত। যদি তুমি ফেৰেস্তা প্ৰকৃতি পাইছা, তেনেহলে, নিজ স্বভাৱ পৰিতৃপ্ত কৰিবলৈ যত্নবন্ত হোৱাঁ। তেহে, পৰমাৰ্থ বা তত্ত্বজ্ঞান লাভ কৰি, পৰাৎপৰ পৰম্পদ চিনিবৰ যোগ্যতা লাভ কৰিব পাৰিবা। তেখেতৰ জ্যোতিৰ্ম্ময় অপৰূপ ৰূপ ৰাশিৰ শোভা সন্দৰ্শনৰ বাট মুকলি হব। কাম, ক্ৰোধ, লোভ আদি ৰিপুৰ হাত সাৰিব পাৰিবা।