পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰমাৰ্থ-দৰ্পণ।


পাষণ্ড নামৰ যোগ্য নহম নে বাৰু? নিশ্চয় হম, তাত কোনো সংশয় নাই।

 প্ৰিয় পাঠক! কাণ পাতি শুনা আৰু মনেৰে বিশ্বাস (ক) কৰাঁ; তোমাৰ গাত যি যি গুণ আছে, তাৰ ভিতৰত, কেত বোৰ গৰু, গাধ, বৰা আদি নীহ প্ৰাণীৰ; কেতবোৰ, কুকুৰ, শিয়াল, বাঘ, আদি হিংসক জন্তুৰ, কেতবোৰ শ্যায়তান (নৰাৰি অপদেৱতা) ৰ আকৌ কিছুমান ফেৰেস্তা (হিতাৰ্থী স্বৰ্গীয় দেৱতা)ৰ সেই গুণ বোৰৰ কোন্ টো, কোন্ বিধৰ; কোন্ কোন্ টো চিৰ কলীয়া, কোন্ কোন্ টো খন্তেকীয়া; আৰু তোমাৰ প্ৰকৃত অৱস্থা কি; যেতিয়ালৈ এই সকল বিষয়ৰ ভু-ভা নেপোৱা, তেতিয়ালৈ তুমি তোমাৰ সৌভাগ্য বা পৰমাৰ্থ সম্পদৰ, বাট বিচাৰি লবলৈ পৈণত নোহোৱা।

 তোমাৰ প্ৰবৃত্তি অৰ্থাৎ বেয়া, ভাল গুণ বোৰ, ভিন ভিন কাৰণত বলী হৈ উঠে। আৰু সিহঁতৰ উদগতিৰ ধৰণো বেলেগ বেলেগ। খাৱন, পিৱন, আৰু শোৱনৰ দ্বাৰাই, ইতৰ জন্তুৰ শৰীৰ ৰক্ষা পায় আৰু বৃদ্ধি হয়; মৈথুনে, কামৰিপু শান্ত কৰে। গা, মঠঙ্গা, মঙ্গহাল, শকত আৰু কামবৃত্তিৰ তৃপ্তি হলেই, সিহঁতৰ উদগতি হল। আৰু সেয়ে সিহঁতৰ সম্পদ বা সৌভাগ্য। যদি,


 (ক)কাৰণ, বিশ্বাসেই আদি মূল; বিশ্বাস নকৰিলে ঈশ্বৰো নাই। “নাই বুলিলে, সাপৰো বিহ নাই’’; বুঢ়া লোকৰ বচন।