চিনিছে; যেয়ে নিজক জানিছে, সেয়ে নিৰঞ্জনক জানিছে।
পৰম-ব্ৰহ্ম খোদা-তায়ালাই, আপোন মহাগ্ৰন্থ পবিত্ৰ
কোৰাণ শ্যাৰিফত উক্তি কৰিছে, “আমি মানুহক দেখুৱাবৰ
নিমিত্তে জগতত আৰু মনুষ্য-দেহত, আমাৰ নিজৰ চিন
বোৰৰ আৰ্হি দিছোঁ; অভিপ্ৰায় সত্য অৱস্থা সিহতৰ মনত
বিদিত হওক”।
পাঠক! তোমাৰ নিজৰ শৰীৰতকৈ জগতৰ কোনো বস্তু তোমাৰ বেচি ওচৰ নহয়। গতিকে, যদি তুমি নিজক চিনিব নোৱৰা তেন্তে, দূৰৈৰ বস্তু কেনেকৈ চিনিবা। তাৰ উত্তৰত, হয়তো তুমি কৈ পেলাব পাৰা, “মই মোক সুন্দৰ মতে চিনোঁ”। এই আষাৰ উত্তৰে তোমাৰ মাথোন মূৰ্খালিৰ হে চিনাকি দিব। এনে আত্ম-জ্ঞান কেতিয়াও তত্ত্ব-জ্ঞানৰ সঁচাৰ হব নোৱাৰে। তেনে দৰৰ আত্ম-জ্ঞান পশুৰো আছে; তুমি যেনেকৈ অপোনাৰ হাত, ভৰি, নাক, মুখ চিনা আৰু কিছুমান দেহৰ ভিতৰুৱা অৱস্থাও জানিব পাৰা, যেনে, ভোক লাগিলে আহাৰ খোবা, খং উঠিলে যুঁজ পাতা, কাম-ভাব হলে, নাৰী সঙ্গম কৰা, পশুৱেও তেনেকুৱা কৰে। এনে বোৰ কামত পশুৰো তোমাৰ সমানে জ্ঞান আছে। এতেকে এই চিনাই চিনা নহয়। তুমি নিজৰ স্বৰূপ আৰু অৱস্থা বিচৰা উচিত। তুমি নো কোন্? কৰ পৰা আহিছা? কলৈ যাবা? এই সংসাৰলৈ কিয় আহিছা? স্ৰজন-কৰ্ত্তা