( ॥৶৹ )
দিনে ৰাতিয়ে সংসাৰকে সাবটি ধৰি থাকিলে পাৰত্ৰিক
দিহা নো কাহানি হব? সাংসাৰিক আৰু পাৰত্ৰিক সুখ;
এই দুইৰো আকাশ, পাতাল অন্তৰ। পাৰত্ৰিক সুখ
উৎকৃষ্ট, সাংসাৰিক সুখ নিকৃষ্ট। চোৱা, পৰমেশ্বৰ
এই গোটেইখন বিশ্ব-সংসাৰৰ স্ৰজোঁতা সংসাৰ আৰু
সংসাৰৰ আটাই বস্তু, পৰমেশ্বৰৰ স্ৰজা বস্তু। স্ৰজোঁতা-
জন, নিশ্চয়, স্ৰজা বস্তুতকৈ শ্ৰেষ্ঠ বা উৎকৃষ্ট, আৰু
স্ৰজা বস্তু নিকৃষ্ট। উৎকৃষ্টলৈ পিঠিদি নিকৃষ্টৰ লগত
মন মতলীয়া কৰিলে পৰম কৰুণাময়ৰ অমিয়া ৰূপ-দৰ্শন-
সুখক নেওচা দিয়া নহবনে? এই প্ৰশ্নটি, বুদ্ধিমন্ত লোক
নিৰন্তৰে, “ওঁ” বুলি শলাগিব সন্দেহ নাই। এতেকে,
উৎকৃষ্ট সুখক নেওচা নিদি, নিকৃষ্ট সুখক দিয়াহে যুক্তি-
সঙ্গত যেন লাগে। সংসাৰ ত্যাগী হবলৈ ধৰ্ম্মনীতিয়ে
নকয়; বৰং তাৰ আলমলৈ পাৰত্ৰিক সুখৰ বাটত আগুৱাব
লৈহে মত দিছে। গতিকে, ওপৰত উক্তি কৰা, লেখকৰ
আলমটো প্ৰকৃত আলম নহয়। ই, সংসাৰ ভোগাবৰ
এটা ভুৱা মাথোন।
অতঃপৰ জনাওঁ, এই পুথি কোনো ধৰ্ম্ম-মতৰ বিৰোধী নহয়। ইয়াত, কোনো বিশেষ ধৰ্ম্ম-মণ্ডলীৰ নিন্দাবাদ নাই ইয়াক পঢ়ি কি (ক) বিশ্বাসী কি অবিশ্বাসী সকলোৱে সমানে পাৰত্ৰিক আৰু সাংসাৰিক জ্ঞান আৰু কল্যান লাভ কৰিবলৈ সমৰ্থ হব। ই, বুঢ়াৰ হাতৰ, লাখুটি, ডেকাৰ ডিঙ্গিৰ ফুল হাৰ আৰু কোমল-মতি লৰা-ছোৱালীৰ মনৰ পৈণত বিধান। লৰা-কালত সিহঁতৰ উৰ্ব্বৰা মনত, এই গুটি সিঁচিলে কালত যে, অতি অপূৰ্ব্ব ফল ফলিয়াব তাৰ
(ক) বিশ্বাসী—মছলমান;. অবিশ্বাসী-বিধৰ্ম্মী৷।