পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ॥৵৹ )


মন কৰি, সকলো সজ-উদ্যোগৰ অকল ভাৰসা আল্লা- তায়ালাক সুৱঁৰি, এই অভাজনে, অসমীয়া ভাষাত ভাঙ্গি উলিয়াবলৈ ওলাইছে আৰু সেই বাবে ৰাইজত বৰ মাগিছে। ভাঙ্গনি পুথি খনৰ, পৰমাৰ্থ দৰ্পণ বুলি নাম কৰণ হল।

 এই ছেগতে, মনৰ খু-দুঁৱনিৰ দণ্ডিত, কেই আষাৰি মান উচিত কথা নকৈ থাকিব পৰা নগল৷

 “এক মেবা দ্বিতীয়ং” এই বেদ-বাণী ফাঁকিয়ে, প্ৰমাণ দিয়ে যে, পুৰণি কলীয়া ভাৰতবাসী হিন্দু সমাজৰ ভিতৰত, ঈশ্বৰ বিশ্বাসী লোক নাছিল যে, এনে নহয়। কেৱল, এই কলি-কালৰ লোকৰ মাজতহে সেই বিশ্বাসৰ হীনডেঢ়ি দেখা গৈছে। ইংৰাজি শিক্ষাৰ উদ্গতি যেতেকে বাঢ়িছে, ঈশ্বৰ-বিশ্বাস, ঈশ্বৰ-প্ৰেম, ঈশ্বৰ-ভক্তি, তেতেকে টুটি আহিছে। আজিকালিৰ নামজ্বলা অসমীয়া লেখকৰ লেখনৰ ধৰণৰ পৰা ধৰ্ম্ম-নিষ্ঠাৰ গোন্ধ পোৱা না যায়। পাৰত্ৰিক প্ৰস্তাব তেঁও বিলাকৰ মনত বিষাল সৰ্প আৰু সিবিলাকৰ ব্যাখ্যা-আকাশৰ বিজুলী-চমক। যেতিয়া পৰমেশ্বৰে এই সংসাৰত সুখ ভোগৰ সকলো উপকৰণ, আয়োজন কৰি থৈছে, তেতিয়া তাক সম্ভোগ নকৰি, পৰমেশ্বৰ চিন্তাত দেশ-বিদেশ ভ্ৰমিলে, দয়াময়ৰ দানৰ অসন্মান কৰা হয়। এইটিয়েই লেখকৰ মূল-মন্ত্ৰ। ইয়াৰে আলম বা আশ্ৰয়লৈ সংসাৰ ভোগাবলৈ নিজৰ আৰু পৰৰ মনক বোধয়েছে। আলম্ টি প্ৰথম দৃষ্টিত নিচেই নিশকতীয়া আৰু অসাৰুৱা নহলেও, এটি কথা; সাংসাৰিক সুখসম্ভোগে প্ৰথম সৃষ্টিৰ পৰা আজি পৰিমিত, কাৰো হেপাহ পলুৱাবপৰা নাই আৰু নোৱাৰেও তেন্তে