পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৯৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ দেখা গৈছিল। মোটতে চাৰিওফালে সাজ-সজ্জাৰে সজ্জিত নতুন 'বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিমা এলাই পৰিছিল। সকলোৱেই নিজ নিজ আভৰণ পিন্ধি সাজু হৈ আছে— যেনিবা সম্ৰাটৰ আগমনলৈ বাট চাই ৰৈহে আছে। আকাশৰ ৰঙালী কিবণেও ৰাঙলী সাজেৰে সূত্ৰধাৰীৰ আগ জাননীৰ সূত্ৰ দি যে'ৱাৰ লগে লগে দীপ্ত সম্ৰাট সূৰ্য্য দেৱতাৰ ৰথৰ আগত অহা নানা সৈন্য-সামন্ত, নৰ্ত্তক-নৰ্তকী আদিয়ে নানা ধৰণৰ সাজ পিন্ধি যেনিবা দেখা দিছেহিতে— যেনে, সেউজীয়া, ৰঙা, বগা, হালধীয়া, নীল- বৰণীয়া ইত্যাদি। সেই সময়ত আকাশথন যেনিবা এখন দেৱতাৰ নৃত্য-ভূমিহে হৈছিল। অলক্ষিত নিঃশব্দ বাদ্য-যন্ত্ৰ আৰু পেপ! যেনিবা দুন্দুভিৰ সুৰৰ চেৱে চেৱে এই দেৱ বালিকা নৰ্তকীসকলে এখোজ দোখোজকৈ আহি সুত্ৰধাৰীৰ ওচৰত অভিবাদন জনাই সম্ৰাট আগমনৰ ব্যৰ্ত্ত। জনাইছেহি। তাৰ লগে লগে চাৰিও- ফালে প্ৰকৃতি আৰু বিশ্বব্ৰহ্মাণ্ডৰ গ্ৰহ নক্ষত্ৰ সকলোৱে গেই দৃশ্য চাবলৈ যেন উত্ৰাৱল - -হৈ ৰৈহে আছে; আৰু যেন আমিও সেই সকলোবোৰৰ লগতে চকু থিৰ কৰি চাই আছো। সেই সময়ত তাত হোৱ! গহীনতা আৰু নিস্তব্ধতাৰ মাজতে এইবোৰ ভাব আহি মনত সোমাইছিলহি। 6 অলপ পাছতে এটা পৰিৱৰ্ত্তন দেখিবলৈ পালো। হঠাৎ গোটেই পূব গগনখন এচতা ক’লা ড’ৱৰ আহি আবৰি ধৰি সকলো দৃশ্য লুকাই পেলালে — যেনিবা এখন অঁৰ কাপোৰহে পৰিলহি। চাৰিওফালে অ'ক নিজম নিস্তব্ধতাই আবৰি পেলালে। ক্ষন্তেকৰ কাৰণে অস!ব সকলোৰে মনত খু-দুৱনি লাগিল - কি হ’ল, সূৰ্য্যদেৱতাৰ দৈনন্দিন গতিতে বাধা জন্মিল নেকি? নহয়, সিটে৷ কেতিয়াও হ'ব নোৱাৰে। নাই, ই অনৈ একো নহয়, কেৱল ক্ষন্তেকৰ অংগলৈকে যি অতুলনীয় মনমে হ| স্বৰ্গীয় দণ্ড সকলোৰে মন যেনেদৰে বলিয়া কবি তুলিছিল, আৰু যি সৌন্দৰ্য্যত মুগ্ধ সকলো সপোন হেন দেখা গৈছিল সেই সপোনৰূপী মনমোহিনী দৃশ্য দিঠকতেই ঘটিব পাৰে বুলি আমাৰ চকুত চলিহ৷ মাৰিবৰ অৰ্থেই এই আঁৰ কাপোৰৰ প্ৰত্যাগমন! আমিও সেই ক'লা ডাৱৰ চতাৰ পিনে দৃষ্টি অতি সুক্ষ্মভাবে পেলাবলৈ ধৰিলোঁ— যাতে তাৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ পৰিৱৰ্ত্তনো আমাৰ চকুৰ আতৰ হ'ব নোৱাৰে। ঠিক অনুমান! সেয়েই হল। মই যি কল্পনা কৰিছিলো সিয়েই দিঠক হৈ ওলাল। ভেজোময় ৰথৰ ওপৰত অৰুণ কোঁৱৰে সমগ্ৰমেৰে উঠি লগত অসংখ্য কিৰণ নোৰ সমষ্টি লৈ নিজৰ দৈনন্দিন গতিৰ অৰ্থে কৰ্ত্তব্য অনুযায়ী আগবাঢ়ি আহিছে। ধন্য ধন্য মোৰ ভ্ৰমণ। এনে স্বৰ্গীয় দৃশ্য মই কেতি-