পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৵৹

উৎসাহ দিবলৈ নেৰে যেন। বহুত কামৰ ভিৰ থকা স্বত্ত্বেও, জয়ন্তী আৰ্ট প্ৰেছৰ গৰাকী শ্ৰীযুত কেশৱ কান্ত বৰুৱাদেৱে আন কাম পেলাই থৈয়ো এই পুথিৰ অন্ততঃ প্ৰথম ছোৱা ছপাই দিয়া বাবে আমি তেখেতৰ ওচৰতো কৃতজ্ঞ। বাকী ছোৱা ছপাৰ কাৰণে শ্ৰীমান দেৱেন্দ্ৰনাথ বেজবৰুৱাই মূৰামূৰি সময়ত কলিকতালৈ গৈ তাতে প্ৰৱাসৰ কষ্ট স্বীকাৰ কৰি প্ৰায় ১৬ বিনতে দ্বিতীয় খণ্ড ছপোৱাই অনাৰ বাবে আমি বেজবৰুৱাৰো শলাগ ললোঁ।

 আগৰ গ্ৰৱন্ধ সমিতিৰ সম্পাদক শ্ৰীযুত অতুলচন্দ্ৰ হাজৰিকাদেৱ প্ৰায় প্ৰাৰম্ভণতে নিজ কাৰ্য্যোপলক্ষে স্থানান্তৰ হব লগা হোৱাত প্ৰৱন্ধ সংগ্ৰহ আৰু সঙ্কলনৰ সম্পূৰ্ণ ভাৰ ন সম্পাদক শ্ৰীযুত মাধৱ চন্দ্ৰ বেজবৰুৱাই বহন কৰিব লগা হ’ল। তেখেতে অলপ সময়ৰ ভিতৰতে এই কামত যি তৎপৰতা দেখুৱাইছে তাৰ বাবে আমি তেখেতৰ ওচৰত কৃতজ্ঞ।

 ছপাৰ প্ৰুফ আদি চোৱাত কৰিবৰ শ্ৰীযুত ৰঘুনাথ চৌধাৰী ডাঙৰীয়াই কিছু দূৰ সহায় নকৰা হলে পুথিৰ অৱস্থা যে আৰু শোচনীয় হলহঁতেন তাত সন্দেহ নাই। শ্ৰীযুত ডাঙৰীয়াও আমাৰ শলাগৰ পাত্ৰ।

 যাতে সৰ্ব্ব-সাধাৰণৰ মাজত আমাৰ সাহিত্যৰ বহুল প্ৰচাৰ হয়, তাৰ বাবে আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টা;—ইয়াকে লৈ সাহিত্য সভা উপলক্ষে এনে ধৰণৰ পুথি বছৰি অন্ততঃ একোখনকৈ প্ৰকাশ হলেও সাহিত্যৰ প্ৰকৃত সেৱা কৰা হয় বুলি আমাৰ বিশ্বাস। গ্ৰাহকসকলক শস্তা দৰত পুথিখন দিয়া উদ্দেশ্যে ইয়াৰ মূল্য নাম মাত্ৰ ধৰা হৈছে।—ইয়াৰ পৰা যদি কিবা লাভো হয়, তাক পুনৰ সাহিত্য প্ৰকাশৰ উদ্দেশ্যেই ৰখা হব। এই পুৰুষাৰ্থৰ দ্বাৰা অসমীয়া সাহিত্য যদি কিঞ্চিৎমানো চহকী হয় তেনেহলেও আমি কৃতাৰ্থ মানিম। আশা কৰোঁ আমাৰ প্ৰথম উদ্যম ফেৰি ৰাইজে মৰমৰ চকুৰে চাব। ইতি—

সভাপতি—শ্ৰীগোপীনাথ বৰদলৈ।

অসম সাহিত্য সভা
সপ্তদশ বাৰ্ষিক অধিৱেশন
অভ্যৰ্থনা সমিতি, গুৱাহাটী
১০ পুহ, ১৮৫৯ শঁক।
 

মহম্মদ মুহিবুল্লা
শ্ৰীমেশ চন্দ্ৰ চৌধুৰী
শ্ৰীহৰমোহন দাস
 

যুটীয়া সম্পাদক