পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৬৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ সংগ্ৰহ “গুনিয়া ৰাজাত্ৰ বোলে হৈয়া কৌতুক। সুগন্ধ অপছৰ৷ কেন হৈল মৃগৰূপ॥” “জয় জয় জগন্নাথ পুত্ৰ দ্বিজৰাজ। জয় হৌক তোৰ যত ভকত সমাজ॥” —চৈতন্য ভাগবত এইবোৰ গ্ৰন্থৰ ভিতৰত কেইবাখনো ষোড়শ শতিকাৰ শেষ ভাগত ৰচনা কৰা। সপ্তদশ শতিকাৰ পৰা এনেকুৱা ভাষাৰ গ্ৰন্থ ৰচনা বন্ধ হৈছিল। কিন্তু একেদিনেই এনেকুৱা ৰচনাৰ সোঁত বন্ধ হোৱা নাছিল, ভাষাই নতুন সোঁত ধৰাৰ ফলত লাহে লাহে ইয়াৰ গতি কমি আহিছিল। এই নতুন সোঁতৰ প্ৰৱৰ্ত্তক কৃত্তিবাস ওঝাকে বুলিব পাৰি। এওঁ আদিতে দক্ষিণ বদৰ সুবৰ্ণ গ্ৰামত আছিল। পাছত উত্তৰ বস্তুৰ ফুলিয়৷ গ্ৰামত আহি বাস কৰে। কৃত্তিবাস ওঝা ষোড়শ খৃষ্টাব্দৰ প্ৰাৰম্ভতে বৰ্ত্তমান আছিল বুলি পণ্ডিত সকলে অনুমান কৰে, ঠিক সময়ৰ কতো উল্লেখ নাই। “পূৰ্ব্বেতে আছিলা বেদান্নুজ মহাৰাজা। তাহাৰ পাত্ৰ আছিল নৰসিংহ ওঝা। বঙ্গদেশে প্ৰমাদ হৈলা সকল অস্থিৰ। বঙ্গদেশ চাৰি তেহে৷ আইলা গঙ্গাতীৰ॥ দক্ষিণে পশ্চিমে বহে গম্বু৷ তৰঙ্গিণী। গ্ৰামৰত্ব ফুলিয়া জগতে বাখানি॥” এই ভাষা আৰু পুৰণি অসমীয়া ভাষা একেলগে ঠিয় কৰিলে বৰ বেছি বেলেগ যেন নালাগে। তথাপি এই বোৰে৷ তেতিয়াৰ নিখুঁটু ভাষা নহয়। বহুতে ইয়াৰ ওপৰত কলম চলাই নব ভাষাৰ ফালে ঢাল খুৱাইছে আৰু আচৰিত কথা যে এনেকুৱা প্ৰথাই এতিয়াও বালী সাহিত্যৰথী সকলৰ পৰ৷ উৎসাহ পায়। দীনেশ বাবুই ‘বঙ্গভাষ! আক সাহিত্য' কিতাপত লিখিছে “প্ৰাচীন অপ্ৰচলিত শব্দ বছল একখানি পুথি উদ্ধাৰ কৰিয়া চলাইতে চেষ্টা কৰিলে তাহা দেশীয় আপামৰ সাধাৰণ বুঝিতে পাৰিবে কি? আমাৰ বিবেচনাই বঙ্গীয় পুথিঁগুলিৰ এইৰূপ পৰিবৰ্ত্তন পৰিতাপেৰ বিষয় নহে।” এতেকে মুল ক্বত্তিবাসী ৰামায়ণ হুবহু পালে তাক পুৰণি অসমীয়া পুথিৰ লগত আৰু বেছি মিল দেখিলোঁহেঁতেন। কিন্তু তথাপি কৃত্তিবাসী ৰামায়ণ যে কামৰূপীয় কৃষ্টিৰ অন্তৰ্গত