পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৪৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ সংগ্ৰহ ফকিৰ বা সাধক ভাতি ফালৰ পৰা আহি দিখৌ মুখৰ ওচৰত থক৷ হ’ৰাগুৰি চাপৰিত আস্তানা পাতেহি। তেওঁক ৰজাইও খাতিৰ কৰিছিল আৰু তেওঁৰ ভকতো আছিল। তেওঁ নিজে কৈছেঃ— ৩৬ দিখৌ নৈৰ কাষৰি, হ’ৰাগুৰি চাপৰি ৰজাই বন্ধাই দিয়া মঠ। ছকুৰি ভকতে লয় আল্লাৰ নাম মাদুৰি বনৰে কঠ | এই ফকিৰৰ নাম আজান। তেখেতৰ আচল নাম ছাহ মিলন বুলি কয়। তেওঁ কোন সময়ত ইয়ালৈ আহে তাৰে এটি বৰ্ণন৷ তেওঁ নিজে দিছেঃ- গৰগাওঁ নগৰ অহম ৰজাৰ ৰাজ্যত। আৰবীৰ পৰ৷ তৰ্জ্জমা হল অসমীয়া মাতত গুৰু হক চিৰজীৱী প্ৰজাৰ হুক দখল। শিল নে।পাঙ যানে লাভ নেযায় মানে তল॥ আকৌ এঠ হত কৈছে:- দহশ দুকুৰি, নবিচন হিজিৰী আকৌ পাছ বছৰ যায়। ছাহ মিলনে, কোৰাণ এই জিকিৰ কৰিলে কিতাবত পায়॥ ইয়াৰ পৰা দেখা যায় যে এই ফকিৰ ১০৪৫ হিজিৰীত অসমলৈ আহে। এই হিজিৰী চন হিচাব কৰিলে এইটে। বুজা যায় যে, এই ফকিৰ শঙ্কৰদেৱৰ মৃত্যুৰ প্ৰায় ১০০ বছৰ মান পাছতেই অসমলৈ আহে। শঙ্কৰদেৱৰ কীৰ্ত্তন ঘোষাৰ ভাষা প্ৰায় কোচবিহাৰী ভাষা; কাৰণ হজৰত মহম্মদৰ নিচিনাকৈ মহাপুৰুষ শঙ্কৰেও নিজ ঠাইৰ পৰ| খেদা খাই কোচবিহাৰতহে ৰব পাৰিছিল আৰু তাতে থাকি বৈষ্ণৱ ধৰ্ম্ম প্ৰচাৰ কাৰ্য্য আৰম্ভ কৰিছিল। কিন্তু আজান ফকিৰৰ নিৰ্ভাজ অসমীয়া ভাষাৰ জিকিৰ শুনিলে অতি আচৰিত মানিব লাগে। এথেতে অসংখ্য জিকিৰ সৰল অসমীয়৷ গাৱঁলীয়া ভাষাত ৰচনা কৰি মুখে মুখে শিকাইছিল। আজি কালিও এনেকুৱা জিকিৰ গোৱা মানুহ আছে যি গধূলিৰ পৰা আৰম্ভ কৰি পুৱালৈকে একেৰাহে তিনিৰাতি গালেহে এই জিকিব বোৰ শেষ কৰিব পাৰে। এই জিকিৰ বোৰৰ চাগৈ অন্ত নাছিল। কিতাপ লিখি থৈ যোৱা হলে এই জিকিৰ বোৰে অসমীয়া ভাষাৰ যে এটি যুগ আনিলেহেঁতেন