পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৩৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইছলাম আৰু ভাৰতীয় ধৰ্ম্ম আৰু কৃষ্টিৰ সমন্বয় ইয়াৰ ভিতৰত মনু-সংহিতাই প্ৰধান হল আৰু জাতি বা বৰ্ণ ভেদৰ বন্ধন আৰু কটকটীয় হল ব্ৰাহ্মণসকলৰ 'প্ৰভুত্ব আৰু দৃঢ় হল। ২৯ যেতিয়৷ ভাৰতৰ এনে অৱস্থা আৰবৰ অৱস্থা তাতোকৈ জঘন্য আছিল। আৰবসকলৰ মাজত সামন্ত কলৈ যুদ্ধ, মৰামৰি, কটাকটি চলিছিল। নৈতিক জীৱনৰ কোনো ধৰ৷ বন্ধা নিয়ম নাছিল। তিৰোতাহিলাক কেৱল গুৰুষবিলাকৰ ভোগ বিলাসিতাৰ সামগ্ৰী আছিল। অত্যাচাৰ, ব্যভিচাৰে দেশ খন ভৰা আছিল। ধৰ্ম্ম বুলি কোনো বস্তু নাছিল। যেয়ে যিংকে পায় তাকে পূজা কৰিছিল। ৩৬০ ট। বিকট শিলৰ মূৰ্ত্তি পুজা কৰিছিল। এনে বিপ্লৱী অৱস্থাত হজৰত মহম্মদৰ আবিৰ্ভাৱ হল। তেওঁ প্ৰচাৰ কৰিলে যে এজন আল্লাৰ বাহিৰে আন কোনো আল্লা নাই তেৱেঁইহে একমাত্ৰ পুজনীয়; তেওঁ সকলোৰে সৃষ্টি কৰ্ত্ত আৰু পালন কৰ্ত্তা। তেওঁ মানুহ জাতিক সকলোতকৈ শ্ৰেষ্ঠ জীব কৰি সৃষ্টি কৰিছে! মানুহ মাত্ৰেই একে। ম মুহৰ ভিতৰত জাতি ভেদ হব নোৱাৰে। খোৱাৰ নাম লোৱা অ'ক সেৱা কৰা আৰু মানুহৰ উপকাৰ সাধন কৰাই হৈছে প্ৰকৃত ধৰ্ম্ম। এই বাণী প্ৰচাৰ কৰাত আৰবৰ্ত ভয়ানক তোলপাব লাগিল। হজবতা জীৱন সঙ্কটাপন্ন হল কিন্তু তেখেতে এফেৰিও নটলিল! শেষত সত্যৰ ভয় হল। গোটেই আৰব বাসী তেওঁৰ পদানত হল। তেখেতে স্ত্ৰী-পুৰুষক সমধিকাৰ দিলে। শিক্ষা বাধ্যতামূলক কৰিলে আনকি শিক্ষাৰ কাৰণে চীন দেশলৈকো যাবলৈ কলে। সত্য সুন্দৰক য'তে পোৱা যায় ত’তে গ্ৰহণ কৰিবলৈ কলে। আক বলে যে বিদ্যা নহলে শিক্ষা নহলে আল্লাক চিনিব নোৱাৰে। হজৰত মহম্মনৰ এই শিক্ষা আৰু দীক্ষাই যি এটি উচ্চ প্ৰেৰণ৷ এই অ'ৰব সকলৰ ভিতৰত সুমূৱাই দিলে; তাৰ বলত বলীয়ান হৈ তেওঁলোকে দেশৰ পাছত দেশ জয় কৰি এটা অদ্বিতীয় শক্তিশালী আৰু প্ৰতিভাপন্ন জাতি হৈ উঠিল। এই আৰুব সকলেই জ্ঞান বিজ্ঞান দৰ্শন অদিৰ গুপ্তদ্বাৰ উদঘাটন কৰি গ্ৰীক দৰ্শনকে৷ সামৰি লৈ এটা নতুন সভ্যতাৰ অভিভাৱক হৈ পৰিল আৰু বানপানীৰ ধলৰ নিচিনাকৈ পূবে ইৰাণ (পাৰস্থ ) পশ্চিমে স্পেইনলৈকে সকলে! দেশ ঢৌৱাই পেলালে আক সভ্যতাৰ এক নতুন যুগৰ অৱতাৰণ৷ কৰিলে। যেতিয়৷ হজৰত মহম্মদব এই ধৰ্ম্মই ( যাৰ নাম হল ইছলাম অৰ্থাৎ শান্তি লাভ কৰা ) আহি পাৰত সোমালহি আৰু পাৰম্ভ বাণী সকলে ইয়াৰ গুণত স্ক