পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইছলাম আৰু ভাৰতীয় ধৰ্ম্ম আৰু কৃষ্টিৰ সমম্বৰ সূৰ্য্য, অগ্নি, উষা ইত্যাদি) দেবত! বুলি মানি পূজা কৰিছিল। এই পুজাত কোনো জটিলতা নাছিল; কেৱল এফুৰা জুই জলাই গাখীৰ, ঘিউ, মাহ, চাউল ইত্যাদি যোৱা বস্তু নৈবেদ্যম্বৰূপ অৰ্পন কৰি আৰু স্তুতি গান কৰি এই দেৱতাসকলৰ আশীৰ্ব্বাদ বিচাৰিছিল। তেওঁলোকে ভাবিছিল যে এই দেবতাসকলক সন্তুষ্ট কৰিব পাৰিলে তেওঁলোকব মঙ্গল হব, অন্যথায় অমঙ্গুল ঘটিব। তেতিয়৷ আৰ্যসকলে খেতি বাতি, বেহা বেপাৰ কৰি খাইছিল আৰু গৰু বলি দিছিল আৰু খাইছিল আনকি ঘোড়াও খাইছিল বুলি পোৱা যায়। এই ৰকগে কেবা শ বছৰ পাৰ হৈ যোৱাৰ পাছত যেতিয়| লোক সংখ্যা বাঢ়িবলৈ ধৰিলে তেতিয়৷ তেওঁলোকে পঞ্জাবৰপৰা সীমা ঠেলি আনি যুক্ত প্ৰদেশত দোমালহি। বেদৰ সংখ্যা ও বাঢ়িবলৈ ধৰিলে আৰু ভাষাও কিয়ৎ- পৰিমাণে সংস্কাৰ হবলৈ ধৰিলে। পূজাৰ কাৰ্যদিও বহুল হবলৈ ধৰিলে আৰু এই পূজাব কাৰ্য্য সমাধা কৰিবৰ নিমিত্তে এটা পৃথক যাজক শ্ৰেণীৰ দৰকাৰ হৈ পৰিল। য'ৰ বৃদ্ধি চোক', স্মৰণ শক্তি বেছি আৰু যি বেদৰ শ্লোক মুখস্থ কৰি 'অ'ওবাব পাৰিছিলে দেয়ে যাজক শ্ৰেণীত ভুক্ত হল। যেতিয়া মানুহৰ সংখ্যা আৰু বেছি হবলৈ ধৰিলে আৰু পৃথক পৃথক ৰাজ্য হবলৈ ধৰিলে তেতিয়৷ ৰাজকাৰ্য্য আৰু দেশ চলাবৰ নিমিত্তে আৰু এটা শ্ৰেণীৰ আৱশ্যক হৈ পৰিল। যি এই কাৰ্য্যত নিযুক্ত হল তেওঁলোকৰ নাম হল ক্ষত্ৰিয় আৰু যিসকলে খেতি-বাতি, হো বেপাৰ কথিয়েই থাকিবলৈ ধৰিলে তেওঁ- লোক বৈশ্য নামে অভিহিত হল আৰু বাকিবোৰ শূদ্ৰ নামে পৰিচিত হল। কিন্তু সেই সময়ত যেই সেই বৈশ্যা শ্ৰেণীৰ মানুহে ব্ৰহ্মণ বা ক্ষত্ৰিয় হব পাৰিছিল; কাৰণ তেতিয়া বৰ্ণভেৱ কেৱল ব্যৱসায় অনুযায়ীহে হৈছিল। যি, যি কামকে লৈছিল তেৱেঁই সেই বৰ্ণঙ ভুক্ত হন পাৰিছিল আৰু যাবতীয় সামাজিক কামতে। কোনো ভেদাভেদ নাছিল। এওঁলোকৰ ভিতৰত আদান প্ৰদান বিবাহাদিও চলিছিল; আনকি শূদ্ৰৰ জীয়াৰী ও বিয়া কৰাইছিল আৰু শূদ্ৰৰ হাতে বন্ধ৷ও থাইছিল। এইদৰে যেতিয়৷ এই আৰ্যসকল গোটেই যুক্ত প্ৰদেশত বিয়পি পৰিল তেতিয়৷ ইয়াৰ নাম দিলে আৰ্য্যাবৰ্ত্ত। বেলেগ বেলেগ ৰাজ্য হল ‘আক ৰজা হল আৰু এই চাৰি শ্ৰেণীৰ মাহুহ সুকীয়া সুকীয়া জাত বা বৰ্ণ হৈ পৰিল। কাৰো লগত কাৰো সামাজিক সম্বন্ধ নাইকিয়া থোৱা লোৱা বিবাহাদি নিজ নিজ বৰ্ণব ভিত্তবত হে হবলৈ ধৰিলে। ব্ৰাহ্মণসকলে প্ৰাধান্য লাভ কৰিবলৈ ধৰিলে। ৰামায়ণ, মহাভাৰত সৃষ্টি হল। 29