পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সুমৰু বৰকাথ মোগল কোঠ ধ্বংশ কৰিব লাগে। এই পৰামৰ্শ পাই গোঁহাই বিলাকে হেঙ্গৰ৷ বাৰীৰ যোগল কোঠ আক্ৰহণ কৰি দখল কৰিলে আৰু বহুত বঙ্গালক মাৰিলে। মিৰ্জ্জাই পাণ্ডুতে এই পৰাজয়ৰ বাৰ্ত্ত৷ পালে। পাছদিনা তেওঁ ৰাণীলৈ উলটি ৰিগল আৰু তাৰ পৰা আহি হালিগাওঁত শিবিৰ পাতিলে। তাত থাকোঁতেই তাৰ পৰা শুমক বৰকাথে সনাতন নামে এজন গুপ্তচৰৰ হাতত গোহাঁই বোৰলৈ এখন চিঠি দিছিল। সেই চিঠি দুৰ্ভাগ্যক্ৰমে মিৰ্জাৰ হাতত পৰিল সেই চিঠিত এইদৰে লিখা আছিল :—“আগ ৰাতি মিৰ্জ্জাই নটিনীবিলাকৰ নাচ- গান চাই থাকে পিছ ৰাতি শোৱে। শেষ ৰাতি মিৰ্জ্জাৰ কোঠ আক্ৰমণ কৰিলে লব পৰা যায় " মিৰ্জ্জাই এই চিঠি পাইও মনে মনে থাকি অবি- লম্বে তেওঁৰ শিবিৰ দক্ষিণ পাৰৰ পৰ৷ উত্তৰ পাৰৰ শুৱালকুছিলৈ তুলি নিলে আৰু তাৰ পৰা কিছুদিনৰ মুৰত তেওঁ সুমক বৰকাথ, পৰশুহাম, বলীনাৰায়ণৰ লৰা-তিকতা ইত্যাদি বন্দীসকলক লগত লৈ ঢাকালৈ গল। চুবাদাৰ তেতিয়া ত্ৰিপুৰাৰ ফালে আছিল। মিৰ্জ্জাই তালৈকে গৈ সুমৰু বৰকাথ প্ৰভৃতিক চুবাদাৰক গতালে। পিছত এওঁলোকৰ কি গতি হল, মিৰ্জাই একো লিখা নাই আৰু আমাৰ বুৰঞ্জীবিলাকতে; এই বিষয়ে কোনো উল্লেখ নাই। অনুমান এওঁলোক বন্দী অৱস্থাতে এজন এজনকৈ মৰিল। ২১ সুমৰু বৰকাথৰ বৃত্তান্ত ইমানতে শেষ। বুৱৰ যুদ্ধৰ সময়ৰ বুৱৰ দলপতি ডিঙৱেট ( De Wet) আৰু অলপতে হৈ যোৱা আবিচিনীয়াৰ যুদ্ধৰ ৰাচ- ডেই৷ (Ras Desta) প্ৰভৃতিৰ নিচিন৷ সুমকবকাথো এজন যুদ্ধ বিশাৰদ বীৰ আছিল। হিজাৰ বিবৰণ নথকা হলে তেওঁৰ কাৰ্য্য-কলাপৰ বিষয় আমি একে। নাজানিলে। হেতেন। অনুমান তেওঁ কামৰূপ জিলাৰ দক্ষিণ স্কুলৰ কোনো ঠাইৰ অধিবাসী আছিল। বৰকাথ এটি পদবী বা বিষয়ৰ নাম আছিল। ই জাতিবাচক শব্দ নহয়। মিৰ্জ্জাৰ বিৱৰণৰ পৰা দেখা যায় যে জাতিত ব্ৰাহ্মণ হৈও বৰকাথ হৈছিল *। এতেকে জাতিত সুমক বৰকাথ কায়স্থ

  • Govind Laskar who was brought up under tho fostering care of

the Mirza came and said, “The enemy is intending to attack and destroy my home land Kamargaon. Therefore if you permit me to go. with all the pailks to raise a fort it will not only give security to myself but will also stop the descent of the hillmen from the Lamdani region. " Accordingly the Mirza gave him all the paiks and the stardars to raise a fort at Kamaargaon, Ho (Govind / took leavo and left in his place Narahari Junardar (holder of the sacred thread i. e. a Brahman with the Mirza as the Barkayeth i.e. the Mushrif or head of the paiks. -Bhharisthan-i-Ghaybi Vol. IIP 672,