পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সুমৰু বৰকাথ 39 যুদ্ধ ক্ষেত্ৰত পোৱা গল, ইয়াৰ দ্বিগুণ সংখ্যক সৈন্য গুৰুতৰৰূপে আহত হৈ হাবিয়ে-বননীয়ে পৰি মৰিল আৰু প্ৰায় ১০০০০ সৈন্য ঘাইল হৈ পলাল। মৃত অসমীয়া সেনাৰ মূৰবিলাক কাটি নাৱত ভৰাই চুবাদাৰৰ দৃষ্টাৰ্থে ঢাকালৈ পঠোৱা হল। এই দৰে মোগলবিলাকে ভড়ৰীৰ যুদ্ধৰ পৰাজয়ৰ শোধ ললে। বলী- নাৰায়ণ আৰু সুমৰু বৰকাথৰ কামৰূপ উদ্ধাৰৰ স্বপ্ন আকৌ কিছুকালৰ কাৰণে মাৰ গল। গুৱাহাটী পৰ্য্যন্ত আহোমৰ সীমা হৈ ৰল, বাকী কামৰূপৰ উত্তৰ- কূল আৰু দক্ষিণফূল আকৌ বঙ্গালৰ দখলেই ৰল। সেখ কামাল হাজোতে থাকিল, মিৰ্জ্জা নাথুলা দক্ষিণকুললৈ উলটি গল, কুলিজখ! বৰনগৰত ৰল আৰু সত্ৰাজিত পাণ্ডুত থাকিল।

এইবাৰ বলীনাৰায়ণ, বেলতলাৰ মামুগোবিন্দ, সুমকবৰকাথ, পৰশুৰাম, যদুনায়ক আৰু দক্ষিণপাৰৰ দাঁতিয়লীয়া ৰজাবিলাকে হাবৰাঘাটৰ বালিজানৰ পৰা পাণ্ডু পৰ্য্যন্ত গোটেই দক্ষিণকুলতে বিদ্ৰোহাগ্নি জ্বলাই দিলে। এইবিলাকে একে ঠাইতে গোটথাই সন্মুখ ৰণ নকৰি চাৰিওফালে কোঠ পাতিলে। অকল মিৰ্জ্জা নাথুলাই সকলো ঠাইতে এটাইবিলাকক দমোৱ। অসম্ভৱ হৈ উঠিল। সত্ৰাজিত ৰজাই যদিও মিৰ্জ্জাক সহায় কৰিছিল হাজোৰ থানাদাৰ সেখ কামালেৰে মিৰ্জ্জাৰ সদ্ভাব নাছিল। চুবাদাৰে সেই সময়ত সেখ কামালকে মোগল সৈন্যৰ ঘাই দলপতি পাতি দিছিল। মিৰ্জাই দক্ষিণকুলৰ সমস্ত ভাৰ লৈ নেখ কামালৰ সহায় নালাগে বুলি লিখি পঠালে। সেখ কামালে তথাপি মিৰ্জ্জাৰ উৎসাহ বঢ়াবৰ কাৰণে উত্তৰ দিলে “সুমৰু বদকাথে ৰংজুলী আৰু আমজুদাত দুটা কোঠ পাতিছে। এই দুটা ভূমি অধিকাৰ কৰিব পাৰিলেই তুমি অসম দেশ জয় কৰিল| বুলি ভ'বিম।” মিৰ্জ্জাই আমজুদাৰ কোঠ সোনকালে হস্তগত of the Kingdom

  • পাণ্ডুৰ থানাদাব হৈ ৰজ| সত্ৰাজিত বহুত বছৰ আছিল। তেওঁ তাত থকা সময়ত

Stephen Cacolla আৰু Jolm Cabnail নামেৰে দুজন পৰ্তুগীজ খৃষ্ট ধৰ্ম্ম প্ৰচাৰক ঢাকাৰ পৰ| নাৱবে পাণ্ডু আৰু হাজো পাইছিল হি। ষ্টিফেন কেচিলাই লিখা বিৱৰণত এই দৰে আছে—“IHazo is the most important fown and the capital of Cocho, a large country, very populous and rich. It used to be the residence of Liquivarane ( Lakshminarayan) who is now dead and the Nabab of Mogor, to whom the country pays tribute, also resides there. We passed the town and arrived at Panão, where lives Satargit (Satrajit ) Rajah of Busna / Blusana) the Pagan Compander-in-Chief of Mogor against the Assames (Assamese). "Early Jesuit Travellers in Central Asia, p 123. ৰাজা লক্ষ্মীনাৰায়ণক মুক্ত কৰি দিয়াৰ পাছত তেওঁ কিছুকাল হাজোেত থাকি মোগল ফৌজক সহায় কৰিছিল। ৰাজা সত্ৰাজিত কোনো দিনেই Commander-in- Chief নাছিল।