পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২০৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিদ্যুৎ ৭৯ ফিঙ্গিটি আকাশে তললৈ নামি আহে আৰু মাটিৰ বিদ্যুতৰ লগত মিলি যায়। এৰে হ’ল বজ্ৰপাত। বিজুলীয়ে চিক্‌মিকোৱে৷ ভালেমান পিচত মেঘৰ গাজনি শুনা যায়। মেঘৰ গাজনি কেনে ভাবে হয় অলপ ভাবি চালে ওলাই পৰে। বিদ্যুৎ যি ঠাইলৈ যায়, সেই ঠাইৰ বতাহ হঠাৎ গৰম হৈ উঠে। গৰম হোৱাত এই বতাহ আয়তনত বাঢ়ি চাৰিওফালৰ ডাঠ বতাহৰ মাজত থাকিব নোৱাৰি ওপৰলৈ উঠিব ধৰে। সেই সময়ত ওচৰৰ বতাহে বেগেৰে শূন্য স্থান পূৰণ কৰিবলৈ যাওঁতে মেঘৰ গাজনিৰ শব্দ হয়। বিজুলীয়ে চিক্‌মিকোৱাৰ লগে লগে পোহৰ আৰু শব্দ হয় কিন্তু শব্দ শুন! যায় পোহৰ দেখাৰ ক্ষন্তেক সময়ৰ পিচতে। ইয়াৰ কাৰণ পোহৰৰ গতি শব্দৰ গতিতকৈ বহুত বেচি। পোহৰ চেকেণ্ডত এক লক্ষ ছন্নাশী হাজাৰ মাইল বেগে চলে আৰু শব্দ চলে চেকেণ্ডত মাত্ৰ ১১০০ ফিট বেগে। ১৭৮৫ খৃষ্টাব্দ 'লুইগি গেলভানি' ( Luigi Galvani ) নামে ইটালিৰ বৈজ্ঞানিক এজনে ধাতু নিৰ্ম্মিত চেপেনা ( Clamph ) এপাতৰে ভেকুলী এটাৰ ঠেং এখনত চেপামাৰি ধৰিলৈ চুৰি এখনেৰে কাটি আছিল। হঠাৎ চেপেনাডাল গৈ চুৰিখনত ঠেকা খালে আৰু লগে লগে ভেকুলীৰ ঠেংটো কেঁাচ খাই উঠিল। তাৰ পিচত ভেকুলীৰ ঠেংটে। হঠাৎ এনেদৰে কেঁাঁচ থোৱাৰ কাৰণ তেওঁ বিচাৰিবলৈ ধৰিলে। এনেদৰে নান৷ পৰীক্ষা কৰি তেওঁ ‘এনিমেল ইলেকটি, চিতি, বাহিৰ কৰিলে। গেলভানিৰ পিচত ইটালি বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ এলেক্‌জান্দ্ৰে৷ তণ্টাই নানা পৰীক্ষা কৰি আৰু ৰাঙৰ দুট! বেলেগ বেলেগ স্তূপ ( pile ) সাব্জি স্তূপ দুটাৰ মাজত থলে লুণীয়৷ পানীৰে তিত্তৱাকাপোৰ এখন। তাৰ পিচত স্তূপ দুট। এডাল তামৰ তাঁৰৰে লগ লগোৱাত সেই তাঁৰৰ ভিতৰেদি বিছাতৰ সোঁত ববলৈ ধৰিলে। এনেদৰে ভণ্টাই. বিজুলীৰ প্ৰৱাহ উৎপন্ন কৰা শক্তি এটা আবিস্কাৰ কৰিলে, তেতিয়াৰ পৰাই তেওঁৰ নাম অনুসৰি ইলেকটিক প্ৰেচাৰৰ ( Electric pressure ) ইউনিট্ ( Unit ) হ'ল (Volt) এই ৰসায়নিক হিচাবে যি বিজুলী পোৱা যায়। সি আগেয়ে সংঘৰ্ষত পোৱা বিজুলীৰ দৰে কিন্তু ইয়াৰ পৰিমাণ খুব বেচি আৰু পোৱা উপায়ো সহজ। ১৮২০ চনত ওৰষ্টেড্‌ড ( Oersted ) নামে ডেনিচৰ্ প্ৰফেচাৰ এজনে আবিষ্কাৰ কৰিলে যে তাঁৰত প্ৰৱাহিত বিজুলী প্ৰৱাহে আচল ঠাইৰপৰা