পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৯৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ কামত ব্যৱহাৰ কৰিছিল। কিন্তু তেতিয়াও কেৱে বিজুলীৰ অপূৰ্ব্ব ভবিষ্যতৰ কথা কল্পনাকে কৰিব পৰা নাছিল। 98 লোহা নাইবা তীথাকবৈদ্যুতিক শক্তিৰ প্ৰভাৱত ৰাখি চুম্বক ধৰ্ম্মাক্ৰান্ত কৰিলে সি চুম্বক হয় তাক বৈদ্যুতিক চুম্বক কোৱা হয়। ইয়াকে ইংৰাজীত মেগনেট, (Electro-magnet) বোলে। সাধাৰণতঃ ব্যৱহাৰিক কাজৰ কাৰণে লোহা নাইব৷ তীথাৰ ওপৰত ৰেশ্মী কাপোৰ অথবা তুলা মেৰোৱা তামৰ তাঁৰ জোৰাই সেই তাঁৰৰ মাজেৰে বিজুলী প্ৰৱাহ প্ৰৱাহিত কৰি চুম্বক ধৰ্ম্মাক্ৰান্ত কৰা হয়। বিজুলী প্ৰবাহ যিমান পৰলৈকে এই ভাৱে ভিতৰেদি প্ৰবাহিত হয় তিমান সময় এই লোহা বা তীথাডোখৰ চুম্বক ধৰ্ম্মাক্ৰান্ত হৈ থাকে। বৈদ্যুতিক প্ৰবাহ বস্তু হলেই ইয়াৰ চুম্বকত্বয়ো হ্ৰাস যায় নাইবা একেবাৰে লোপ পায়। বৈদ্যুতিক যন্ত্ৰ-তত্ব (Electrical Engineering ) বিভাগৰ প্ৰায় সকলো কামতেই বৈদ্যুতিক-চুম্বকৰ ব্যৱহাৰ দেখা যায়। তাৰ ভিতৰত কিছুমান যন্ত্ৰত বৈদ্যুতিক চুম্বকৰ প্ৰচলন খুব বেচি, যেনে বৈদ্যুতিক মটৰ (Motor ) অৰ্থাৎ যাৰ দ্বাৰ৷ বৈদ্যুতিক ট্ৰামগাৰী বৈদ্যুতিক ৰেলগাৰী আৰু আন আন প্ৰকাৰ ক'ল চলোৱা হয়, বিজুলী প্ৰবাহ উৎপন্ন কৰা যন্ত্ৰ ( Dynamo), টেলিফোন যন্ত্ৰ, ইলেকট্ৰিক টেলিগ্ৰাফ যন্ত্ৰ ইত্যাদি। পোন প্ৰথমতে বিজুলী সংঘৰ্ষত উদ্ভৱ হয় বুলি মানুহে জানিব পাৰে। বিশুখৃষ্ট জন্মাৰ প্ৰায় তিনিশ বছৰ আগেয়ে থিয়োফ্ৰেচটাচ, (Theophrastes) দাৰ্শনিক এজনে চিন্তা কৰি উলিয়ালে যে তামৰ ঘৰ্ষণ কৰিলে তাত এট৷ আচৰিত অদৃশ্যশক্তি উদ্ভৱ হয়। তাৰ পিচত নান৷ পৰীক্ষা কৰি পালে অকল তামৰ গাতে তেনে শক্তি নিহিত থকা নাই আৰু তেনে ভালেমান খণিজ বস্তুৰ গাতো তেনে শক্তি থকা পোৱা যায়। ইংলণ্ডৰ ৰাণী এলিজাবেথৰ চিকিৎসক গিলবাৰ্ট চাহাবে উলিয়ালে পশমী কাপোৰ ঘঁহিলে কেৱল তামৰেই পাতল বস্তু টাৰ্নি আনে এনে নহয় — ঘহিলে গন্ধক, কাচ মম প্ৰভৃতিয়েয়ো পায়। এই শক্তি গিলবাৰ্ট চাহাবেও বুজিব পৰা নাছিল। এৰিষ্টোটেলে (Aristotle) ট পেড়ে৷ ( Torpedo) মাছৰ গাত যে বিদ্যুৎ-শক্তি থকা এবিধ বস্তু আছে তাক বাহিৰ কৰিলে। সি তাৰ মানুহ আৰু গাছ উভয়কে অজ্ঞান কৰিব পাৰে। এই বিদ্যুৎ-শক্তি কামত লগাবলৈ বহুদিন ধৰি মানুহে চেষ্টা কৰিছিল। বাতগ্ৰস্থ মানুহক আৰোগ্য কৰিবলৈ এই বিদ্যুৎ-সম্পন্ন মাছৰ দ্বাৰাই চক্