পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৯২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ অভিজ্ঞান শকুন্তলাৰূপী যি অয়ৰ সৌন্দৰ্য্যৰ তিলোত্তমা মূৰ্ত্তি ৰচনা কৰিলে, সেই অমৰ প্ৰেমৰ জীবন্ত মূৰ্তিয়েই সকলোকে অমৰ সৌন্দৰ্য্য আৰু আনন্দৰ অধিকাৰী কৰা অমৰ কাবা। বাইবেল শাস্ত্ৰ মতে আদাম ইতে নিষিদ্ধ গছৰ ( Forbidden tree ) ফল খোৱাৰ কাৰণেই মানুহ প্ৰথমে পাপত পৰিল আৰু দুখৰ সৃষ্টি হল। খৃষ্টান শাস্ত্ৰৰ এই কথাটোকে অৱলম্বন কৰি মহাকবি মিণ্টনে Paradise Lost কাব্য লিখিলে। তত্ব হিচাপে এই কথাটে৷ আজিকালি আমাৰ মনত, ঘাইকৈ বৈজ্ঞানিক দৃষ্টিৰে চালে এটা কুসংস্কাৰত বাজে আন একে। যেন বিশ্বাস নহয়। কিন্তু Paradise Lostৰ আলম বা উপকৰণেটে। এৰি, ভাবৰ ভিতৰলৈ সোমালে তাতো এটা মানুহৰ অন্তৰৰ সত্য ধৰা নপৰাকৈ নাথাকে৷ পৃথিবীত মানুহৰ যত ৰকম জঞ্জাল, আলৈ-আহুকাল আৰু সংসাৰৰ নিকাৰ, সি যে দ্বন্দ-জাত-জ্ঞানৰ পৰাই উদ্ভৱ তাত সন্দেহ কি? স্ত্ৰী পুৰুষৰ পৰস্পৰৰ প্ৰতি আকৰ্ষণ, এপিনে সৃষ্টিৰ মন্ত্ৰশক্তি হলেও, আনপিনে এই আকৰ্ষণৰ মোহান্ধতাতে যে Paradise Lost স্বৰ্গপতন হব লাগিছে, এই সত্য বুৰঞ্জী-স্বীকৃত॥ নাম-ৰূপৰ অতীত অৰূপ চৈতন্য পুৰুষ যি দৰে সদায় নাম ৰূপ ধৰিয়েই প্ৰকাশ হব লাগিছে, প্ৰকৃত কাব্য সাহিত্য কলাইও সেই দৰে বিশেষ দেশ- কাল-পাত্ৰ আৰু বিশেষ বিষয় বস্তুৰ আলম লৈ অনন্ত শাশ্বত “ৰসো বৈ সঃ” বস স্বৰূপকে অনন্তকাল প্ৰকাশ কৰিবলৈ ধৰিছে। এই কাৰণেই প্ৰকৃত কাব্য প্ৰকৃত সাহিত্য ব! প্ৰকৃত আৰ্ট ( Art ) সৌন্দৰ্য্য ও অমৰ কলে:- ভাষাৰে "Age does not wither Nor custom state her infinite variety." মিষ্টিক ( Mystic ) কবিতা— আমাৰ বহুতে ভাবে যে ঈশ্বৰৰ কথা লৈ লিথা যেই সেই পদ্য বা কবিতাই “মিষ্টিক” কবিতা। আচলতে, সৃষ্টিৰ প্ৰত্যেক বস্তুৱেই অনন্ত ৰহস্যেৰে পৰিপূৰ্ণ গতিকে যেই সেই পদাৰ্থকে অৱলম্বন কৰিলেই mystic কবিতা হব পাৰে। জ্ঞান-বিজ্ঞানে আজিলৈকে জগত-সৃষ্টিৰ যি বিলাক বিশ্লেষণ আৰু ব্যাথা কৰিছে তাৰ জনা শুনা সকলো অৰ্থ আংশিক হিচাপেহে সতা,—–