পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৮৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬১
প্ৰৱন্ধ-সংগ্ৰহ

আত্মৰক্ষাৰ কাৰণে আহাৰ নিদ্ৰা ভাত মাছ প্ৰভৃতিৰ দৰ্কাৰ। কবিতা, সঙ্গীত, নাচ-ভাওনা, যাত্ৰা-থিয়েটাৰ প্ৰভৃতি অলঙ্কাৰ, অৰ্থাৎ এইবোৰ কৰি মানুহে আনন্দ প্ৰকাশ কৰে। মানুহে নাখাই, নুশুই নোৱাৰে, কিন্তু কবিতা নিলিখি, গান নাগাই কিম্বা ভাওনা থিয়েটাৰ নকৰি থাকিব পাৰে। মানুহৰ থকা ঘৰ, খোৱা ভাত, পিয়া পানী, নহলেই নহয়; কিন্তু সোণৰ অলঙ্কাৰ, হীৰাৰ হাৰ, ধুনীয়া ছবি, মাৰ্ব্বল বিতোপন প্ৰস্তৰ মূৰ্ত্তি— সুন্দৰ কবিতা, মেঘদূতৰ নিচিনা ওখ থাপৰ কাব্য নহলেও অস্তিত্ব ৰক্ষাত হানি নপৰে। সেই দেখি অস্তিত্ব ৰক্ষাৰ অৰ্থে বিজ্ঞানৰ জ্ঞান আৱশ্যকীয়, কিন্তু সাহিত্যৰ ৰস নহলেও শুদায় নিকায় ভোজন কৰিব পাৰি। জুয়ে পোৰে, পানীয়ে পিয়াহ গুচায়, সূৰ্য্যৰ উত্তাপে জীয়াই ৰাখে ইত্যাদি জ্ঞান অস্তিত্ব ৰক্ষালৈ আৱশ্যকীয়, কিন্তু অগ্নি মুৰ্ত্তিৰ ৰুদ্ৰসৌন্দৰ্য্য, সমুদ্ৰ প্ৰবাহিণী তৰঙ্গিনীৰ বিচিত্ৰ লহৰি লীলা, অনন্ত আকাশৰ বুকুত সুৰ্য্যোদয়ৰ উদ্ভিন্ন নৱযৌৱনৰদৰে নিতৌ নতুন বৰ্ণ- তৰঙ্গৰ ভঙ্গীত জ্বলি উঠা সৌন্দৰ্য্য শোভা ইত্যাদিৰ ৰস উপভোগ কৰিব পৰা শক্তি নহলেও মানুহ অজীৰ্ণ ৰোগত ধৰফৰাই নমৰিব। পেটৰ সি gastric juice অৰ্থাং জাৰক ৰস আছে সিয়েই সকলো বস্তু হজম কৰোৱাই মানুহক জীয়াই ৰাখিব। অথচ, পৃথিবীখন যে চেপেটা নহয়, ঘূৰণীয়া আৰু ই সূৰ্য্যৰ চাৰিওফালে চক্ চক্‌ কৰে ঘূৰি থাকে, — এই বাতৰিটো কাব্য অৰ্থাৎ ৰসাত্মকং বাক্যং নহয়, — ইয়াক এবাৰ জানিলেই খতম্ পৰে,—ই পুনঃ পুনঃ মানুহৰ মনত একো নতুন ৰস দিব নোৱাৰে; — কিন্তু পৃথিবীখন যে সুজলা সুফলা, শস্য শ্যামলা, আৰু মলয়জ শীতলা,—“স্নেহ পীযুষ বাহিনী” “জনক-জননী জননী” এইটো হলে কাব্য বা সাহিত্য। পৃথিবীৰ এই জননী মূৰ্ত্তিৰ ৰসময়ী বৰ্ণনা চিৰ নতুন, মাতৃস্নেহৰ সাদৃশ্য কল্পনাই মানুহৰ মনত পৃথিবীৰ এই বৰ্ণনা মাতৃৰ স্নেহৰ দৰেই সদাই নতুনকৈ থৈছে। অথচ পৃথিবীখনক মাতৃজ্ঞান নকৰি হালকোৰ বাই খেতি বাতি কৰি থাকিলেও পৃথিবীয়ে ওফোন্দপাতি কাকো শস্য নিদিয়াকৈ নাথাকে। চমুকৈ ক'ব লাগিলে মানুহৰ দৈহিক অস্তিত্বৰ (animal existence ) কাৰণে যেনেকৈ ভাত পানীৰ নিতান্ত দৰ্কাৰ তেনেকৈ মনৰ বা সমগ্ৰ মানুহৰ অস্তিত্ব ৰক্ষাৰ কাৰণেও বিজ্ঞান দৰ্শনৰ জ্ঞান অৰ্থাৎ কাৰ্য্য-কাৰণ সম্বন্ধৰ জ্ঞান (Knowledge of Causation) দৰ্কাৰ। কাব্য সাহিত্য কলা লগতে যেন তাৰ আনন্দ প্ৰকাশৰ অলঙ্কাৰ হে। এটা কথাৰে, অকল মানুহ কিয় জীৱমাত্ৰৰে জীৱনৰ দুটা তত্ত্ব জল্ জল্ পট্‌ পট্‌ হৈ