পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৮৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাহিত্যৰ-স্বৰূপ তথাপি সাহিত্য, মানৱ-চৰিত্ৰ বা বিশ্ব প্ৰকৃতিৰ ( Photo ) কিম্বা এখন ঠিক "অৰ্শীও" ( Mirror) নহয়, অৰ্থাৎ সাহিত্য বুলিলে “ফটোগ্ৰাফ” বা কিহবাৰ হুবহু প্ৰতিবিম্ব নুবুজায়—— বুজায় সৃষ্টি বা ৰচন৷ y ৰচনা কৰে মনে মনেৰে; মন এখন প্ৰকৃতিৰ আৰ্শী নহয়, বৰঞ্চ মনেৰে সৈতে মিলিহে প্ৰকৃতি—‘প্ৰকৃতি'। গতিকে সাহিত্যৰ সত্য ঠিক জ্ঞান বিজ্ঞানৰ সত্য নহয় ভাৱৰহে সত্য। জ্ঞান বিজ্ঞানৰ সত্য মানুহৰ সম্পূৰ্ণ বুদ্ধিব অধিগম্য, আৰু সি সম্পূৰ্ণ ব্যক্তি নিৰপেক্ষ ( Impersonal ) নিৰঞ্জন। তাৰ হৃদয়ত চিত্ৰ বিচিত্ৰ ৰহণ পৰিব নোৱাৰে। জ্ঞানৰ বিষয় – Law of Gravitation বা মধ্যাকৰ্ষণ তত্ত্বটে। মোলৈ এককম, তোমালৈ আনৰকম নহয়; কিন্তু ভাৱৰ বিষয় স্কাইলাৰ্ক (Skylark ) ছোলিৰ (Shelley) কল্পনাত এককম ৱৰ্ডচ ৱাৰ্থৰ (Wordsworth ) কল্পনাত আন ৰকম গতিকে (সাহিত্যৰ প্ৰধান অৱলম্বন, জ্ঞানৰ বিষয় নহয়; ভাবৰ বিষয় হে। অৰ্থাৎ সাহিত্য মূলতে ভাবাত্মক বা ৰসাত্মক সৃষ্টি; আৰু “কাব্যং বসাত্মকং বাক”- কাব্য সাহিত্যই প্ৰধান বদ সাহিত্য। এই কাব্য সাহিত্যৰ ভিতৰত কাব্য, কবিতা, নাটক, উপন্যাস আক গল্প এইকেটাই পৰে। সেই দেখি এই ৰস সাহিত্যটোকে আচল সাহিত্য ( Literature proper) বুলি ধৰা হয়। এই ৰস সাহিত্য কাব্য দৰ্শন নহয়; বিজ্ঞান নহয় আৰু ধৰ্ম্ম বা নীতি শাস্ত্ৰও নহয়,—অথচ একেধাৰে সেই আটাইবোৰৰে সমন্বয়ত। ধৰ্ম্ম, হৈ দৰ্শন, বিজ্ঞান, প্ৰভৃতি বিষয়বিলাক সৰহ সময়তে পৰস্পৰ বিৰুদ্ধ মানুহৰ মনোৰাজ্যত কুৰুক্ষেত্ৰ পাতিব থোজে, – কিন্তু কাব্য সাহিত্যই স্বয়ং ভগৱন্তৰ দৰে সখী হৈ সিহঁতৰ মাজত মিল সাধন কৰিবৰহে যেন চেষ্টা কৰে। তেন্তে কাব্য সাহিত্যৰ কথ৷ একেষাৰে এনেকৈ কলে হব যে, ভগৱন্তৰ পক্ষে যিটো লীলা, মানুহৰ পক্ষে সেইটোৱেই কাব্যসাহিত্য বা ললিত কলা? এই “লীলা খেলা, সথ্য মধুৰ আদি-মান্ধাতাৰ দিনৰ কথাবোৰে যে আজিৰ এই যেদিনী কঁপাই যোৱা ৰেগ, জাহাজ, মটৰৰ ঘৰ্খবণিৰে পৰিপূৰ্ণ ব্যস্ততাৰ সভ্যতাৰ দিনত সৰহ লোকৰে কাণৰ ভিতৰেদি গৈ মৰ্ষত নপৰ্শিব সেইটো মই ভালকৈ জানো। আজি কালি অনেক পাশ্চাত্য আনকি আমাৰ ভাৰতীয় মানুহৰ আৰু সৰহ ভাগে এই Matter of fact world খনত অৰ্থাৎ বাস্তৱ জগতত কাব্য কবিতা আদিৰ দিন উকলি যোৱা উচিত বুলি ভাবিবলৈ আৰু কবলৈও ধৰিছে; তেওঁলোকৰ মতে সংসাৰত কেনে >