পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৭৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অনমীয়া খাঘৰ গুণাগুণ বা মোণ্ডা-মিঠাই আদি ৰাজভোগেৰে সুশোভিত কাপ-প্লেটতকৈ,—কি তৃপ্তি, কি পুষ্টি, কোনো বিষয়তে কম নহয়, বৰং বেচিহে। মঙহ (মাংস) আশীষ খাদ্যৰ ভিতৰত মঙহেই সকলোতকৈ অধিক বলকাৰক আৰু উত্তেজক। অসমীয়া হিন্দু, মুছলমান আৰু পৰ্ব্বতীয়া জাতি বিলাকে খাহী, পাঠা-ছাগলী, পহু প্ৰভৃতি সাধাৰণতে থায়। বেলেগ বেলেগ বিধৰ মঙহত বেলেগ উপাদানো পোৱা যায় মঙহত সাৰ আৰু ভাগ পানী থাকে। গাব ভাগত আমীষ উপাদানেই অধিক থাকে। স্নেহজাতীয় বস্তু মঙহৰ লগত থাকে। ইচ্ছামতে সেইবোৰ কমবেচিকৈ ব্যৱহাৰ কৰা হয়। মঙহত শালি ভাগ নাথাকে। ছাগলীৰ মঙহ পহুৰমঙহ অপেক্ষাকৃত লঘুপাক। বেচি পৰিমাণে ঘিউ আৰু মচলা লগলগাই ৰান্ধিলে মঙহ সহজে হজম নহয়। পাৰ, কুকুৰা আদি চৰাইৰ মঙহ, সকলো বিধ পশুৰ মঙহতকৈ সহজে হজম হয়। হাঁহৰ মঙহত স্নেহৰ ভাগ বেচি আছে। সেই কাৰণে ই ৰোগীৰ অপথ্য। মাছ আৰু কণী মাছ আৰু কণীৰ উপাদান আৰু গুণ প্ৰায় মঙহৰ দৰেই। তেল থকা মাছ গুৰুপাক। গতিকে, ৰোগীৰ উপযোগী নহয়। কাৱৈ, শিঙি, মাগুৰ আদি সক মাছবোৰত আমীষ উপাদান বেচি আছে আৰু তেলৰ ভাগ কমবুলিয়েই ৰোগীৰ পথ্যৰ উপযোগী। ইলিহি, বৰালী আদি মাছত তেলৰ ভাগ বেচি থকাই, সিহঁত গুৰুপাক আৰু ৰোগীৰ পথ্যৰ অনুপযোগী। মাছৰ কণীত বেচি পৰিমাণে আগীষ আৰু “নিউক্লিন” বুলি এবিধ বস্তু আছে। এই “নিউক্লিনৰ” কাৰণেই বাতগ্ৰস্ত মানুহৰ পক্ষে ইয়াক বেচিকৈ থোৱা ভাল নহয়। প্ৰায় আধা ছটাক ওজনৰ হাঁহ বা কুকুৰাৰ কণী এটাত ১৪.৫ গ্ৰাম (১ তোল৷ ভৰ ) শ্বেতাংশ, ৭°৫ গ্ৰ্যাম ( দহ অনা ভব) পীতাংশ বা কুহুম আৰু ৩ গ্ৰ্যাম (চাৰি অনা ভৰ) চোকোৰা পোৱা যায়। বহুতে হাঁহৰ কণীতকৈ কুকুৰাৰ কণী বেচি পুষ্টিকৰ বুলি ভাবে। ই ভুল ধাৰণা। বৰং হাঁহৰ কণী আকাৰত অলপ ডাঙ্গৰ দেখি, কুকুৰাৰ কণীতলৈ ইয়াত পুষ্টিকৰ বস্তু J